
প্ৰথম পৰ্যায়ৰ শান্তি আলোচনাৰ অন্তৰ পিছত দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ প্ৰস্তুতি (US Iran Talks) চলি থকাৰ সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণক পুনৰ সকীয়াই দিছে। তেওঁৰ মতে, তেহৰানে আলোচনাৰ মেজত প্ৰতিশ্ৰুতি দিছে যদিও পিছত সেইবোৰ পালনৰ পৰা বিৰত আছে।

ট্ৰাম্পৰ ভাবুকি, “তেওঁলোকে এটা ডাঙৰ ভুল কৰিছে।” ৰাষ্ট্ৰসংঘৰ নিয়ন্ত্ৰিত আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ (আইএইএ) সৈতে চুক্তিৰ বাবে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ দাবীক খাৰিজ কৰাৰ পিছতে ইৰাণলৈ ট্ৰাম্পৰ এই বাৰ্তা।
আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ মতে, ইতিমধ্যে তেহৰানে আইএইএক ইৰাণত প্ৰৱেশৰ অনুমতি দিবলৈ সন্মত হৈছে। কিন্তু ইৰাণে সেই সন্মতি নাকচ কৰাত ক্ষোভিত হৈ পৰিছে ট্ৰাম্প। তেওঁ কয়, “তেওঁলোকে ভুল কৰিছে। তেওঁলোকেও জানে যে তেওঁলোকে ভুল কৰিছে।”
আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয়, “তেওঁলোকে আমাক কিবা এটা কৈছে আৰু কিবা এটা কৰিছে। আমি সেই কথা বুজি পাওঁ।” ট্ৰাম্পে কয় যে যদি এতিয়া ইৰাণে আইএইএৰ প্ৰৱেশত বাধা দিয়ে তেন্তে আগন্তুক শান্তি বৈঠক বন্ধ কৰি দিব। অৰ্থাৎ শান্তি চুক্তিৰ ভৱিষ্যতক লৈ পুনৰ সন্দেহৰ সৃষ্টি হ’ব।
কেৱল ভেন্সেই নহয়, আইএইএৰ পৰিদৰ্শন সন্দৰ্ভত ট্ৰাম্পে নিজেও মাত মাতিছিল। তেওঁ লগতে কয় যে ইৰাণে আইএইএক নিজৰ পাৰমাণৱিক কাৰ্যসূচী পৰিদৰ্শন কৰিবলৈ দীৰ্ঘম্যাদী অনুমতি দিবলৈ সম্পূৰ্ণৰূপে সন্মত হৈছে।
আৰু সেইবাবেই হৰমুজ প্ৰণালীত আমেৰিকাৰ নৌসেনাৰ অৱৰোধ উঠাই লোৱাৰ সিদ্ধান্ত লোৱা হৈছে। যদিহে তেহৰানে নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰে তেন্তে আমেৰিকাৰ সেনাই পুনৰ হৰমুজ অৱৰোধ কৰিব।
উল্লেখ্য যে ২৮ ফেব্ৰুৱাৰীত পেণ্টাগনে ইৰাণৰ বিৰুদ্ধে ‘অপাৰেচন এপিক ফিউৰি’ আৰম্ভ কৰে। ইয়াত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেইনীক হত্যা কৰা হৈছিল।
সেইদিনা ইজৰাইলেও ইৰাণক আক্ৰমণ কৰিছিল। উক্ত অপাৰেচনৰ ক’ড নাম আছিল ‘অপাৰেচন ৰ’ৰিং লায়ন’। ইয়াৰ পিছতে তেহৰানে পশ্চিম এছিয়াত থকা আমেৰিকাৰ ঘাটিসমূহক লক্ষ্য কৰি প্ৰতিশোধ আৰম্ভ কৰে। ইজৰাইলো তেওঁলোকৰ লক্ষ্যত আছিল।
অৱশেষত পাকিস্তান আৰু কাটাৰৰ মধ্যস্থতাত কেইবাবাৰো আলোচনাৰ অন্তত ৱাশ্বিংটন আৰু তেহৰানে ৮ এপ্ৰিলত অন্তৱৰ্তীকালীন যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে। ১৭ জুনত ট্ৰাম্প আৰু প্ৰজেস্কিয়ানে ১৪ দফীয়া বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে।
ইয়াৰ পিছতে ছুইজাৰলেণ্ডত আমেৰিকা আৰু ইৰাণৰ মাজত আলোচনা হয়। আলোচনা ‘ইতিবাচক’ বুলি দাবী কৰা হৈছিল।
অৱশ্যে আমেৰিকান পক্ষই এই কথাও দাবী কৰে যে যুদ্ধবিৰতিৰ চূড়ান্ত চুক্তি সন্দৰ্ভত ছুইজাৰলেণ্ডত প্ৰথম পৰ্যায়ৰ আলোচনাৰ পিছত তেহৰানে পুনৰ পাৰমাণৱিক পৰিদৰ্শকক দেশখনত প্ৰৱেশৰ অনুমতি দিবলৈ সন্মত হৈছে। শান্তি বৈঠকত ভেন্সে আমেৰিকাৰ প্ৰতিনিধি দলটোক নেতৃত্ব দিয়ে। এই সন্দৰ্ভত তেওঁ দাবী কৰে, “এই বিষয়ত আইএইএৰ সৈতে আলোচনা আজিৰে পৰা আৰম্ভ হ’ব পাৰে।”
কিন্তু ভেন্সৰ এই দাবীৰ কেইঘণ্টামান পিছতে ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰে যে কোনো কাৰণতে আন্তঃৰাষ্ট্ৰীয় পৰিদৰ্শনকাৰী দলটোক এই পাৰমাণৱিক কেন্দ্ৰটো পৰিদৰ্শন কৰিবলৈ দিয়া নহ’ব। আৰু ইয়াৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে বুজাই দিয়ে যে ইৰাণে যদি তেওঁলোকৰ দেশত পাৰমাণৱিক পৰিদৰ্শকক প্ৰৱেশ কৰিবলৈ নিদিয়ে তেন্তে ফলাফল ভাল নহ’ব।










