
লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড (Terrible fire in Lucknow)। এই ঘটনাত প্ৰাণ হেৰুওৱা (15 persons Lost life) ১৫জন লোকৰ ভিতৰত আছিল এহাল যুৱ যুগল। জানিব পৰা মতে, তেওঁলোকৰ বিয়াৰ প্ৰস্তুতি চলি আছিল। কিন্তু হঠাতে অহা এই বিপৰ্যয়ত মুহূৰ্ততে সকলো শেষ হৈ গ’ল। মৃত যুৱক-যুৱতীহাল হ’ল অনামিকা সামন্ত (২৭) আৰু নীলেশ কুমাৰ (২৮)। বৃত্তিত শিল্পী নীলেশ আৰু অনামিকাই লক্ষ্ণৌৰ ‘হেড হপাৰ ষ্টুডিঅ’জ’ নামৰ এটা গেম নিৰ্মাণকাৰী প্ৰতিষ্ঠানত কাম কৰিছিল। সেই বহুতল অট্টালিকাটোৰ দ্বিতীয় মহলাত থকা ষ্টুডিঅ’টোত জুই লগাৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হয়। একেলগে কাম কৰি থকাৰ সময়তে দুয়োৰে মাজত চিনাকী আৰু প্ৰেম হৈছিল।
চলিত বৰ্ষৰ নৱেম্বৰ মাহতে তেওঁলোকৰ বিয়াৰ দিন ঠিক কৰা হৈছিল।বিয়াৰ চূড়ান্ত কথাবার্তা পাতিবলৈ যোৱা সপ্তাহতে কলকাতাৰ পৰা লক্ষ্ণৌৰ নীলেশহঁতৰ ঘৰলৈ আহিছিল অনামিকাৰ পিতৃ-মাতৃ। নীলেশৰ ককায়েক অভিষেক কুমাৰে জনায়, “সকলোবোৰ প্ৰায় ঠিক হৈ গৈছিল। বিয়াৰ বাকী থকা ব্যৱস্থাসমূহ কৰিবলৈ অহা সপ্তাহত আমিয়েই কলকাতালৈ যোৱাৰ কথা আছিল।” সোমবাৰে লক্ষ্ণৌৰ আলিগঞ্জৰ সেই বহুতল অট্টালিকাটোত জুই লগাৰ খবৰ পাইছিল যদিও প্ৰথমতে নীলেশৰ পৰিয়ালে ইয়াক সিমান গুৰুত্ব দিয়া নাছিল।

সংবাদ মাধ্যমত কেৱল কোচিং চেণ্টাৰ আৰু লাইব্ৰেৰীৰ কথাহে উল্লেখ কৰা হৈছিল, তাত যে নীলেশৰ অফিচো আছিল সেই কথা তেওঁলোকে জনা নাছিল। সন্ধিয়া ফোন অহাৰ লগে লগেই পৰিয়ালটো স্তব্ধ হৈ পৰে। নীলেশৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।লক্ষ্ণৌত যেতিয়া নীলেশৰ পৰিয়াল এই ঘটনাত সম্পূৰ্ণৰূপে ভাঙি পৰিছে, তেতিয়া শত মাইল দূৰৈৰ কলকাতাত অনামিকাৰ পৰিয়ালো কান্দোনত ভাঙি পৰিছে।
শেষকৃত্যৰ বাবে লক্ষ্ণৌ জিলা প্ৰশাসন আৰু আৰক্ষীৰ সহায়ত অনামিকাৰ মৃতদেহ কলকাতালৈ লৈ অহা হৈছে। কলকাতাৰ ঘৰৰ পৰা ফোনেৰে অনামিকাৰ ভাতৃ আকাশ সামন্তই কয়, “বাইদেৱে কিছুদিন আগতে নীলেশৰ কথা পৰিয়ালক জনাইছিল। সেইবাবেই আমি লক্ষ্ণৌলৈ গৈ তেওঁলোকৰ পৰিয়ালক লগ কৰিছিলোঁ। কিন্তু এনেকুৱা হৈ যাব বুলি ভবা নাছিলোঁ।” মাত্ৰ কেইটামান ঘণ্টাৰ জুয়ে চকুৰ পলকতে ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন।












