
কেৰালা উচ্চ ন্যায়ালয়ৰ (Kerala High Court) ন্যায়াধীশ পি ভি কুঞ্জীকৃষ্ণনে এটা গুৰুত্বপূৰ্ণ ৰায়দানত মন্তব্য কৰিছে, “এজন অপৰাধী চিৰদিনৰ বাবে অপৰাধী নহয়।” হিন্দু পৌৰাণিক ঋষি বাল্মিকীৰ উদাহৰণ দি তেওঁ কয়, “বাল্মিকীও এসময়ত ডকাইত আছিল, কিন্তু পিছলৈ তেওঁ নিজকে শুদ্ধ কৰি ‘ৰামায়ণ’ৰ ৰচনা কৰিছিল।”

ন্যায়াধীশগৰাকীয়ে কয়, “যদি কোনোবাই সঁচাকৈয়ে সংস্কাৰৰ পথত আগবাঢ়িব বিচাৰে, তেন্তে আদালতে সেই দাবীক আওকাণ কৰিব নোৱাৰে।”
লগতে তেওঁ কয়, “সমাজে অপৰাধীৰ সৃষ্টি কৰে আৰু সমাজৰেই দায়িত্ব তেওঁলোকক সংস্কাৰৰ সুযোগ দিয়াৰ। কেৱল অতীতৰ ইতিহাসৰ বাবেই যদি কাৰোবাক আজীৱন অপৰাধী বুলি গণ্য কৰা হয়, তেন্তে সংস্কাৰ অসম্ভৱ হৈ পৰে।” এই পৰ্যবেক্ষণ এনে এটা ক্ষেত্ৰত আহিছে য’ত এজন ব্যক্তিয়ে নিজৰ নাম ‘ৰাউডী লিষ্ট’ৰ পৰা আঁতৰাবলৈ আবেদন কৰিছে।
যোৱা আঠ বছৰত তেওঁ কোনো অপৰাধ কৰা নাই আৰু এতিয়া চাকৰি কৰি আছে। নিয়মিতভাৱে তেওঁ গীৰ্জালৈও যায়। আদালতে আবেদনৰ অনুমতি দি তেওঁৰ নাম তালিকাৰ পৰা আঁতৰোৱাৰ নিৰ্দেশ দিয়ে। ন্যায়াধীশ কুঞ্জীকৃষ্ণনৰ মতে, ভাৰতীয় দণ্ডবিধিয়ে কেৱল শাস্তি নহয়, সংশোধনৰ নীতিতে বিশ্বাসী, এয়াই সভ্যতাৰ প্ৰকৃত চিন।










