
উত্তৰাখণ্ডত (Uttarakhand Char Dham) অব্যাহত আছে ধাৰাসাৰ বৰষুণ। ইয়াৰ বাবে ৰাজ্যৰ কেইবাটাও প্ৰান্তৰ জনজীৱন ব্যাহত হৈ পৰিছে। পথৰ ভূমিস্খলনৰ ফলত একাংশ গাঁৱত যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে।

নন্দপ্ৰয়াগ আৰু ভানেৰপানীৰ সমীপত পথত ভূমিস্খলন সংঘটিত হৈছে। ইয়াৰ বাবেই বিগত পাঁচ দিন ধৰি বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ আছে। যাৰবাবে উত্তৰাখণ্ড চৰকাৰে চাৰধাম যাত্ৰা সাময়িকভাৱে স্থগিত ৰাখিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীক ফোন কৰি পৰিস্থিতি সন্দৰ্ভত বুজ লয়।
ধাৰাসাৰ বৰষুণৰ বাবে উত্তৰাখণ্ডৰ বিভিন্ন ঠাইত ভূমিস্খলন সংঘটিত হৈছে। বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথতো সংঘটিত হয় ভূমিস্খলন। ইয়াৰ বাবে কমেও ২৪খন গাঁও জিলা সদৰৰ পৰা বিচ্ছিন্ন হৈ পৰিছে। উত্তৰকাশী জিলাৰ সৰ্বদিয়াৰ পাট্টি অঞ্চলৰ ৮ খন গাঁৱৰ পথ ভূমিস্খলনৰ ফলত ভাঙি গৈছে। যাৰবাবে বাসিন্দাসকল বিপদত পৰিছে। ইফালে কাৱাৰ যাত্ৰাৰ বাবে ঋষিকেশ পথৰ ধ্বংসাৱশেষ ক্ষিপ্ৰতাৰে আঁতৰোৱাৰ কাম চলি আছে।
বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা শিল আৰু বালি আঁতৰোৱাৰ কামো চলি আছে। চামোলী জিলাৰ তিনিটা স্থানত ভূমিস্খলনৰ বাবে বন্ধ হৈ আছে ৰাষ্ট্ৰীয় ঘাইপথ পিপালকোটি, নন্দপ্ৰয়াগ আৰু উমত্তা। বৃহস্পতিবাৰৰ নিশাৰ পৰা পুনৰ অঞ্চলটোত ধাৰাসাৰ বৰষুণ আৰম্ভ হোৱাত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে।
সোণপ্ৰয়াগৰ মানকটীয়াত হোৱা ভূমিস্খলনৰ বাবে বৃহস্পতিবাৰে কেদাৰনাথ যাত্ৰা বন্ধ কৰি দিছে প্ৰশাসনে। ৰুদ্ৰপ্ৰয়াগ আৰক্ষীয়ে এক্সত পোষ্ট কৰিছে যে পথ পৰিষ্কাৰ হ’লেই যাত্ৰা আৰম্ভ হ’ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে পুৱা উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীক ফোন কৰে। আনহাতে, গুজৰাট, হিমাচল প্ৰদেশ, ৰাজস্থান, ছত্তীশগড়ো বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। অমিত শ্বাহে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতেও বাৰ্তালাপ কৰে।
উত্তৰাখণ্ডত এতিয়াও শেষ হোৱা নাই দুৰ্যোগ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ৭ জুলাই পৰ্যন্ত বজ্ৰপাত আৰু বৰষুণ অব্যাহত থাকিব। বেছিভাগ অঞ্চলতে পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সৈতে ধুমুহাৰ সম্ভাৱনা আছে।










