ASSAM TIMES POST
ডিফুঃ বোকাজানত আৰক্ষীৰ তৎপৰতাত আটক কৰা হয় আপুৰুগীয়া এশিঙিয়া গঁড়ৰ খৰ্গসহ এজন লোকক ৷

প্ৰাপ্ত খবৰ অনুসৰি আজি বোকাজান থানাৰ অন্তৰ্গত অমৰাজান অঞ্চলত বোকাজান মহকুমা আৰক্ষী বিষয়া পদ্ম কুমাৰ পেগু আৰু বোকাজান থানাৰ oc ৰ নেতৃত্বত তালাচী চলি থকা অৱস্থাত চোৰাং গঁড় খৰ্গ সহ আটক কৰা হয় এজনক ।
এখন WB 20 R 3400 নম্বৰৰ মটৰ চাইকেলেৰে ডিমাপুৰ অভিমুখে গৈ থকা অৱস্থাত তালাচীত ধৰা পৰিছিল লাল খমাং কিপজেন । সম্প্ৰতি লাল খমাং কিপজেনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে আৰু আৰক্ষীৰ অনুসৰি খৰ্গটো বেছি পুৰণি নহয় বুলি জানিবলৈ দিয়ে । বোকাজান আৰক্ষীৰ এই সফলতাত ৰাইজে শলাগ লৈছে ৷












