গাঁওৰক্ষী বাহিনীৰ সদস্য হোৱাটো সৌভাগ্যৰ বিষয়ঃ এছপি, দেৱজিৎ দেউৰী
ASSAM TIMES POST
ডিফুঃ আজি কাৰবি আংলং জিলা আৰক্ষীৰ উদ্যোগত আৰু জিলা গাওঁৰক্ষী সংগঠনৰ উদ্যোগত আজি ডিফু ক্লাবত অনুষ্ঠিত হয় ৭১ সংখ্যক গাওঁৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস ৷
এই উপলক্ষে আজি পুৱা গাঁও ৰক্ষী বাহিনীৰ পতাকা উত্তোলন কৰে কাৰবি আংলং জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে৷ ইয়াৰ পিছৰ কাৰ্যক্ৰমণিকা অনুসৰি গাওঁৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক হৰি নাৰায়ণ বৰুৱাৰ প্ৰাতিকৃতিত পুষ্পাঞ্জলী আৰু মাল্যাৰ্পনেৰে গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে জিলা আৰক্ষীৰ শীৰ্ষ বিষয়া আৰু কাৰবি আংলঙৰ বিভিন্ন প্ৰান্তৰ পৰা অহা গাঁওৰক্ষী বাহিনীৰ কৰ্মকৰ্তা সকলে ৷ ইয়াৰ পিছত আৰক্ষী অধীক্ষক গৰাকীৰ নেতৃত্বত ডিফু চহৰৰ মাজেৰে শান্তি সমদল বাহিৰ কৰা হয় ৷
আনহাতে জিলা গাঁওৰক্ষী সংগঠনৰ সমন্বয়ৰক্ষী সমিতিৰ সভাপতি জয়ছিং তিমুঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ মুকলি সভাত বিশিষ্ট বক্তা সকলে জিলা খনত গাওঁৰক্ষী বাহিনীৰ অভাৱ- অভিযোগ আৰু গাওঁৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক হৰিনাৰায়ণ বৰুৱাৰ জীৱনৰ ওপৰত বিস্তৃত বাখ্যা আগবঢ়ায় ৷
আনহাতে মুখ্য অতিথিৰ ভাষণত জিলা আৰক্ষী অধীক্ষক দেবজিৎ দেউৰীয়ে তেওঁৰ উদাত্ত ভাষণ প্ৰসংগত কয়যে, গাওঁৰক্ষী বাহিনী সমূহৰ মাজত আইন -শৃংখলা আৰু সামাজিক অন্ধবিশ্বাসৰ ওপৰত সজাগতা গঢ়ি তুলিবলৈ চেষ্টা কৰাৰ বাবে আহ্বান জনাইছে ৷

তেওঁৰ কাৰ্যকালত জিলাখনৰ যি সমূহ স্থানত গাঁওৰক্ষী বাহিনী নাই তাত গাঁওৰক্ষী বাহিনী স্থাপন কৰাৰ চেষ্টা কৰা হব বুলি কয় ৷ আটাইতকৈ পুৰণি চৰকাৰী সংগঠনটোৱেই হৈছে গাঁওৰক্ষী বাহিনী ৷ গাঁওৰক্ষী বাহিনীৰ সদস্য হোৱাটো সৌভাগ্যৰ বিষয়৷
আৰক্ষী আৰু সাধাৰণ জনতাৰ মাজত সম্পৰ্ক গঢ়ি তোলাৰ যোগসূত্ৰকাৰী হ’ল গাঁওৰক্ষী বাহিনী ,সেয়ে গাঁওৰক্ষী বাহিনীৰ শক্তি অতুলনীয় বুলি কয় আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

আজিৰ সভাত জিলা আৰক্ষীৰ শীৰ্ষ বিষয়া ক্ৰমে , অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য) ইন্দ্ৰনীল বৰুৱা, (সীমান্ত)হেমন্ত বৰুৱা , জিলা আৰক্ষী উপাধ্যক্ষ (মুখ্য) নাহিদ কৰিশ্মা, লগতে গাওঁৰক্ষী সংগঠনৰ চক্ৰ সংগঠক শান্তনু বে’, গাঁওৰক্ষী বাহিনীৰ সমন্বয়ৰক্ষী সমূহৰ সভাপতি জয়ছিং তিমুঙ, সাধাৰণ সম্পাদক গণেশ কৰ্মকাৰ, থানা কমিটিৰ সভাপতি হেমাৰি তিমুঙ আৰু উপসভাপতি আব্দুল মতিন তালুকদাৰ উপস্থিত থাকে ৷












