
চৰকাৰী বিদ্যালয়ত শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে ২০০০ কোটি টকা আবণ্টন দিয়া হৈছিল। অভিযোগ অনুসৰি আম আদমী পাৰ্টীৰ (AAP) দুই নেতাই উক্ত বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰিছে। বুধবাৰে পুৱা দিল্লী আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই আপৰ জ্যেষ্ঠ নেতা মনীষ ছিছোদিয়া আৰু সত্যেন্দ্ৰ জৈনক গোচৰৰ তদন্তৰ বাবে তলব কৰে। এই সপ্তাহত দুয়োজনেই উপস্থিত থাকিব লাগিব।

যোৱা ৩০ এপ্ৰিলত দুয়োগৰাকী নেতাৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ ৰুজু হৈছিল। দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়া আপ চৰকাৰৰ শিক্ষামন্ত্ৰী আছিল। আনহাতে, আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল দিল্লীৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত সত্যেন্দ্ৰ নিৰ্মাণকাৰ্য পৰিচালনা কৰা চৰকাৰী সংস্থা লোক নিৰ্মাণ বিভাগৰ দায়িত্বত আছিল। এই বিভাগটোৱে চৰকাৰী ভৱন নিৰ্মাণৰ দায়িত্ব লৈছিল।
তদন্তৰ বাবে দুয়োজন নেতাক মাতিছে এ চি বিয়ে। সত্যেন্দ্ৰক ৬ জুনত আৰু ছিছোদিয়াক ৯ জুনত সোধা-পোছাৰ বাবে হাজিৰ হ’বলৈ কোৱা হৈছে। তদন্তকাৰীয়ে অভিযোগ কৰে যে আপ চৰকাৰৰ কাৰ্যকালত ১২ হাজাৰৰো অধিক শ্ৰেণীকোঠা আৰু বিদ্যালয় ভৱন নিৰ্মাণৰ বাবে হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰা হৈছিল।
এই প্ৰকল্পৰ অধীনত সমগ্ৰ দিল্লীত প্ৰায় ১২,৭৪৮টা শ্ৰেণীকোঠা আৰু বিদ্যালয় ভৱন নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছিল বুলি অভিযোগ উত্থাপন কৰিছে এ চি বিয়ে। কিন্তু আৰ্থিক অনিয়ম, হিচাপহীন অত্যধিক ব্যয় ইত্যাদি ক্ৰমান্বয়ে পোহৰলৈ আহিবলৈ ধৰে। মুঠতে আনুমানিক ২০০০ কোটি টকা আত্মসাৎ কৰা হৈছে বুলি দাবী কৰিছে এ চি বিয়ে।
দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি, বিদ্যালয় ভৱন নিৰ্মাণৰ ঠিকা লাভ কৰা ৩৪জন ঠিকাদাৰ আটাইকেইজনেই আপৰ ঘনিষ্ঠ আছিল। কিন্তু সময়মতে কাম সম্পূৰ্ণ হোৱা নাছিল। শেষত দেখা গ’ল যে খৰচ বাজেটতকৈ বহুগুণে বেছি হৈছে। শেহতীয়াকৈ বিজেপিৰ একাংশ নেতাই অভিযোগ কৰিছে যে দুৰ্নীতিৰ বাবে শ্ৰেণীকোঠা নিৰ্মাণৰ খৰচ প্ৰায় পাঁচগুণ বৃদ্ধি পাইছে। কিন্তু ৩২৬ কোটি টকা ব্যয় বৃদ্ধি হোৱাৰ পাছতো কোনো নতুন নিবিদা আহ্বান কৰা নহ’ল।
ইয়াৰ উপৰি অভিযোগ কৰা হৈছিল যে নিৰ্মাণকাৰ্যত অৰ্ধস্থায়ী আন্তঃগাঁথনি (এছ পি এছ) ব্যৱহাৰ কৰা হৈছিল, যাৰ গড় আয়ুস ৩০ বছৰ। কিন্তু হিচাপত দেখুওৱা খৰচ আছিল চিমেণ্ট কংক্ৰিটৰ (আৰ চি চি) গাঠনিৰ সমান। ইয়াৰ পিছতে এ চি বিয়ে তদন্ত আৰম্ভ কৰে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও আবকাৰী দুৰ্নীতিৰ গোচৰৰ সৈতে জড়িত হৈছিল ছিছোডিয়া। সত্যেন্দ্ৰৰ বিৰুদ্ধেও অবৈধ বিত্তীয় লেনদেনৰ অভিযোগ উত্থাপিত হৈছে।
এইবাৰ ২০০০ কোটি টকাৰ শ্ৰেণীকোঠা নিৰ্মাণ কেলেংকাৰিতো এই দুই আপ নেতাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। কেৱল সেয়াই নহয়, দিল্লী আৰক্ষীয়ে কৈছে যে এই দুৰ্নীতিৰ অভিযোগত এজন অচিনাক্ত চৰকাৰী বিষয়া আৰু এজন ঠিকাদাৰো অভিযুক্ত হৈ আছে।












