ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam CM on Brahmaputra Water I চীনে ব্ৰহ্মপুত্ৰৰ পানী বন্ধ কৰিলে ভাৰতৰ কোনো ক্ষতি নহয়, দাবী মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 3, 2025
Reading Time: 1 min read
A A
0
Assam CM on Brahmaputra Water I চীনে ব্ৰহ্মপুত্ৰৰ পানী বন্ধ কৰিলে ভাৰতৰ কোনো ক্ষতি নহয়, দাবী মুখ্যমন্ত্ৰীৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Assam Announces Supplementary Exams for Higher Secondary Students

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

ভাৰতৰ ওপৰত চাপ বৃদ্ধিৰ বাবে চীনে ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবাহ বন্ধ কৰি দিলেও অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ কোনো ক্ষতি নহ’ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) মঙলবাৰে এই দাবী কৰে।

Assam CM on Brahmaputra Water I
চীনে ব্ৰহ্মপুত্ৰৰ পানী বন্ধ কৰিলে ভাৰতৰ কোনো ক্ষতি নহয়, দাবী মুখ্যমন্ত্ৰীৰ:

ছ’চিয়েল মিডিয়াত এটা পোষ্টত তেওঁ লিখিছে, “ব্ৰহ্মপুত্ৰৰ প্ৰবাহ এটি মাত্ৰ উৎসৰ দ্বাৰা নিয়ন্ত্ৰিত নহয়। নদীখনৰ মুঠ প্ৰবাহৰ এক বৃহৎ অংশ ভাৰতৰ, চীনে মাত্ৰ ৩০-৩৫ শতাংশহে অৰিহণা যোগায়।”
উল্লেখ্য যে পহেলগাম হত্যাকাণ্ডৰ প্ৰত্যুত্তৰত পাকিস্তানৰ সৈতে হোৱা সিন্ধু জলচুক্তি ভাৰতে স্থগিত ৰাখিছে।

পাকিস্তানৰ ভূখণ্ডত থকা সন্ত্ৰাসবাদী ঘাটিৰ ওপৰত ভাৰতীয় সেনাৰ ‘অপাৰেচন সিন্দুৰ’ আৰু তাৰ পিছত দ্বিপাক্ষিক সামৰিক সংঘাতৰ পিছত ইছলামাবাদে নতুন দিল্লীক সিন্ধু আৰু ইয়াৰ উপনৈসমূহৰ পানীৰ বিষয়ে অহৰহ সকীয়াই দি আহিছে।

‘অপাৰেচন সিন্দুৰ’ৰ সময়ত চীনে মুকলিকৈ ইছলামাবাদৰ কাষত থিয় দিছিল। এনে পৰিস্থিতিত ছি জিনপিঙৰ চৰকাৰে চীনৰ অধীনস্থ তিব্বতৰ পৰা উৎপত্তি হোৱা ব্ৰহ্মপুত্ৰৰ প্ৰবাহ বন্ধ কৰি দিলে অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্যসমূহে সমস্যাৰ সন্মুখীন হ’ব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

আনকি ৩১ মে’তো বেইজিঙৰ ‘চাইনা এণ্ড গ্ল’বেলাইজেশ্যন চেণ্টাৰ’ৰ উপ-সভাপতি ভিক্টৰ জিকায়ে ব্ৰহ্মপুত্ৰৰ প্ৰবাহ হ্ৰাস কৰাৰ এটা ইঙ্গিত দিছিল। কিন্তু মুখ্যমন্ত্ৰীৰ দাবী যে ব্ৰহ্মপুত্ৰৰ ভাৰতীয় অংশৰ ৭০ শতাংশ প্ৰবাহ অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড আৰু মেঘালয়ৰ পৰা আহে।

সামাজিক মাধ্যমৰ পোষ্টত তেওঁ লিখিছে, “ব্ৰহ্মপুত্ৰই ইয়াৰ মহাবাহু বিশাল ৰূপ ধাৰণা কৰিছে ভাৰততহে ৷ চীনে ব্ৰহ্মপুত্ৰৰ পানীৰ ৩০-৩৫% হে যোগান ধৰে ৷ ইয়াৰে বেছিভাগ হিমবাহ গলি যোৱাৰ পাছত সৃষ্টি হোৱা পানী ৷ আৰু সীমিত তিব্বতীয় উপত্যকাত হোৱা বৰষুণৰ পৰা সৃষ্টি হোৱা পানী । বাকী থকা ৬৫-৭০% ব্ৰহ্মপুত্ৰৰ পানী ভাৰততে সৃষ্টি হৈছে, ভাৰততে বৈছে, এই পানী ব্ৰহ্মপুত্ৰলৈ বৈ আহিছে…।”

তেওঁ লগতে লিখিছে, “ব্ৰহ্মপুত্ৰৰ পানী গঠন হৈছে অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড আৰু মেঘালয়ৰ মুষলধাৰ বৰষুণৰ পৰা, সোৱণশিৰি, লোহিত, কামেং, মানস, ধনশিৰি, জীয়া-ভৰলী, কপিলী আদি প্ৰধান উপনৈৰ পৰা, খাচি, গাৰো আৰু জয়ন্তীয়া পাহাৰৰ পৰা আৰু কৃষ্ণাই, ডিগাৰু, কুলসী আদি নৈৰ পৰা ।”

ইয়াৰ লগে লগে তেওঁৰ মন্তব্য, “চীনে যদি ব্ৰহ্মপুত্ৰৰ প্ৰবাহ হ্ৰাস কৰে তেন্তে ভাৰতৰ বাবে লাভৰ বাহিৰে কোনো লোকচান নহ’ব। অসম প্ৰতি বছৰে হোৱা বানপানীৰ পৰা মুক্ত হ’ব। জনজীৱন ব্যাহত নহ’ব। সা-সম্পত্তিৰ কোনো ক্ষতি নহ’ব।”

তেওঁৰ দাবী, টিউটিঙৰ ভাৰত-চীন সীমান্তত ব্ৰহ্মপুত্ৰৰ প্ৰবাহ প্ৰতি ছেকেণ্ডত ২০০০ৰ পৰা ৩০০০ ঘনমিটাৰ। সেই প্ৰবাহ গুৱাহাটীৰ দৰে ঠাইত ১৫ৰ পৰা ২০ হাজাৰ ঘনমিটাৰলৈ বৃদ্ধি পায়।

Tags: চীনে ব্ৰহ্মপুত্ৰৰ পানী বন্ধ কৰিলেদাবী মুখ্যমন্ত্ৰীৰভাৰতৰ কোনো ক্ষতি নহয়
Share4Tweet3Send

Related Posts

Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

by News Desk
June 24, 2026
50
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
ADVERTISEMENT
Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ
National-International

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
50
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx