সোমবাৰে পুৱা ১১ বজাত উদ্ধাৰ হয় কালি দুপৰীয়াৰ ভাগত মাঞ্জাৰ ডিলাই নৈত মাতৃৰ সৈতে মাছ মাৰিবলৈ গৈ সন্ধানহীন হোৱা ফেয়াম নুনিছা নামৰ ছবছৰীয়া শিশুটিৰ মৃতদেহ ৷ উল্লেখযোগ্য যে, ঘটনা সংঘটিত হোৱাৰ পিছতে কালি বিয়লি আৰক্ষীয়ে উদ্ধাৰকাৰী বাহিনীৰ সহযোগত উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও কম পোহৰৰ বাবে সন্ধিয়া উদ্ধাৰ অভিযান বন্ধ ৰাখিব লগীয়া হয়।

আজি পুৱাৰে পৰা পুনৰ উদ্ধাৰ অভিযান চলোৱাৰ পিছত কালি ঘটনা সংঘটিত হোৱা স্থানৰ পৰা প্ৰায় পাঁচ শ মিটাৰ দূৰত শিশুটিৰ মৃতদেহটো উদ্ধাৰ কৰা হয়। ঘটনাটোৱে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।