ASSAM TIMES POST
ডিফুঃ আজি পিছবেলা কাৰবি আংলঙৰ বোকাজানত বৃহৎ পৰিমানৰ গাঞ্জা সহ এগৰাকী মহিলা আটক হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি বিয়লি দুইমান বজাত কাৰবি ছাত্ৰ সন্থা চমুকৈ কেএছএই তালাচী চলাই মহিলা গৰাকীক গাঞ্জা সহ আটক কৰিবলৈ সক্ষম হয় ৷

আটকাধীন মহিলা গৰাকী লামহই পাইটে বুলি চিনাক্ত কৰা হৈছে ৷ জানিব পৰা মতে ধৃত মহিলাগৰাকীয়ে এলেকাটোত দীৰ্ঘ দিনৰ পৰা নিচাজাতীয় দ্ৰব্য আৰু ড্ৰাগছৰ গোপন বেহাৰ খবৰ লাভ কৰি কেএছএই তালাচী চলাই বোকাজানৰ নিজৰাপাৰৰ পৰা মহিলাগৰাকীক আজি প্ৰায় ১০ কেজি পৰিমানৰ গাঞ্জা সহ আটক কৰে ৷
পিছত ধৃত মহিলা গৰাকীক কেএছএই বোকাজান আৰক্ষী থানাত গতাই দিয়ে ৷












