ASSAM TIMES POST
ডিফুঃ ৰাজ্যত অব্যাহত আছে ‘কা’ বিৰোধী প্ৰতিবাদ। সোমবাৰে ডিফুতো ASDCকে ধৰি ১৫ টাকৈ পাৰ্বত্য জনজাতি সংগঠনৰ আহ্বান ক্ৰমে অনুষ্ঠিত হয় এক বিশাল কা বিৰোধী সমাৱেশ। ডিফুৰ পাঁচ মাইলৰ খেলপথাৰত অনুষ্ঠিত হোৱা কা বিৰোধী সমাৱেশত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে স্বতঃস্ফূৰ্তভাৱে অংশ গ্ৰহন কৰে হাজাৰ হাজাৰ পাহাৰীয়া জনতাই।
সমাৱেশ উপস্থিত থাকি উদাত্ত ভাষণেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে সৰ্বানন্দ সোণোৱালকো ক্ষুৰধাৰ সমালোচনা কৰে ক্ৰমে-সন্মীলিত সংগ্ৰাম পৰিষদৰ সমন্বয়ক মনজিৎ মহন্ত,লাচিত বৰদলৈ, লিবাৰেল ডেমক্ৰেটিক পাৰ্টীৰ অধ্যক্ষ প্ৰদ্যুৎ বৰা, খিলঞ্জীয়া এক্য মঞ্চৰ মুখ্য আহ্বায়ক অনুপ চেতীয়া, ত্ৰিপুৰা পিপিলক্ষ ফ্ৰণ্টৰ অধ্যক্ষা পাতাল কন্যা জামাটীকে ধৰি আন কেইবা গৰাকী বক্তায়।
সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই কয় যে, ‘কা’ বিৰোধী আন্দোলনৰ সময়ত নতুন আঞ্চলিক ৰাজনৈতিক দল সৃষ্টিৰ কথা অনাকাংখিত বুলি কোৱাৰ লগতে বৰ্তমান এই আন্দোলনক ঐক্যবদ্ধ ৰূপে আগুৱাই নিবলৈ সকলোৱে সংকল্পবদ্ধ হ’ব লাগে৷
আনহাতে বিশিষ্ট সাংবাদিক মনজিৎ মহন্তই কয় যে, ‘কা’ বিৰোধী আন্দোলনক স্তিমিত কৰিবলৈ চৰকাৰে নানা ষড়যন্ত্ৰ ৰচিছে যদিও শেষত এই যুদ্ধত খিলঞ্জীয়াৰ জয় হব বুলি কয়৷ ত্ৰিপুৰাৰ পৰা বিশিষ্ট অতিথি হিচাপে পাতাল কন্যা জামাতীয়াই ‘কা’ বিৰুদ্ধে খিলঞ্জীয়াৰ ধাৰাবাহিক আন্দোলন চলি যাব বুলি কোৱাৰ লগতে চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ কণ্ঠক মৰ্যদা নিদিলে উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন সুকীয়া ৰাষ্ট্ৰৰ কথা বিবেচনা কৰা হব পাৰে বুলি কয়৷












