ASSAM TIMES POST
ডিফুঃ দিল্লীত ঐতিহাসিক বড়ো চুক্তি সম্পাদন হোৱাৰ পিছত পাৰ্বত্য জিলা কাৰবি আংলং আৰু ডিমা হাচাওত দীৰ্ঘদিনৰ পৰা পৰি থকা কেএনএলএফ শান্তি চুক্তিখনো সম্পাদন কৰাৰ বাবে সৰব হৈ পৰিছে পাৰ্বত্য জিলা দুখনৰ একাংশ দল- সংগঠন ৷
এইবাৰ কাৰবি আংলঙৰ বাহিৰত বসবাস কৰা ভৈয়ামৰ কাৰবি জনজাতিৰে গঠিত কাৰবি ঐক্য মঞ্চই কেএনএলএফ শান্তি চুক্তিক লৈ সৰৱ হৈ পৰিছে ৷
আজি ডিফুস্থিত জিলা প্ৰেছ ক্লাৱত এক সংবাদ মেলৰ আয়োজন কৰি কাৰবি ঐক্য মঞ্চৰ হৈ সদৌ অসম কাৰবি ছাত্ৰ সন্থা, কাৰবি আৰলচ’ আছেম, কাৰবি বাংথে আছেম, নগাওঁ জিলা কাৰবি সংগঠন(অবিভক্ত), কাৰবি কালচাৰেল ছচাইটি (ডুমৰা জ’ন) আৰু গুৱাহাটী জ’নে এক সংবাদ মেলৰ আয়োজন কৰি দীৰ্ঘদিনৰ পৰা স্থবিৰহৈ থকা কেএনএলএফ শান্তি চুক্তিখন শীঘ্ৰে সম্পাদন কৰিবলৈ আহ্বান জনায় ৷
তিনি পাৰ্বত্য জিলাৰ বাহিৰত তথা ভৈয়াম আৰু অনান্য ৰাজ্যত বসবাস কৰা কাৰবি সকলৰ সৰ্বদিশ উন্নয়ণৰ বাবে , অৰ্থনৈতিক, ৰাজনৈতিক, ভাষিক উন্নয়ণৰ বাবে বড়োৰ চুক্তিৰ দৰে কেএনএলএফৰ সৈতে থকা শান্তি চুক্তিখনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগতে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদক গুৰুত্ব আৰোপ কৰি ইয়াক সম্পন্ন কৰিবলৈ আহ্বান জনায় কাৰবি ঐক্য মঞ্চৰ নেতৃবৰ্গই ৷












