অস্ত্ৰ সহ দুই পিডিচিকে নেতা আৰক্ষীৰ জালত
ASSAM TIMES POST
ডিফুঃ কাৰবি আংলঙৰ সহস্ৰ উগ্ৰপন্থী সংগঠন পিপুলছ ডেমক্ৰেটিক কাউঞ্চিল অৱ কাৰবি লংৰি চমুকৈ পিডিচিকেৰ বিৰুদ্ধে অব্যাহত আছে ডকমকা আৰক্ষীৰ ধাৰাবাহিক অভিযান ৷
এদিন পূৰ্বে ধন দাবী কৰিবলৈ আহি দুটাকৈ পিডিচিকে কেডাৰ স্থানীয় লোকৰ সহযোগত আৰক্ষীৰ জালত পৰাৰ পিছত যোৱানিশা পুণৰ ডকমকা আৰক্ষীয়ে অভিযান চলাই দুজনকৈ দূৰ্ধৰ্ষ পিডিচিকে কেডাৰ আটক কৰিবলৈ সক্ষম হয় ৷

আৰক্ষী সূত্ৰে লাভ কৰা তথ্য অনুসৰি এদিন পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই পিডিচিকে সদস্য ক্ৰমে,ক্লামবং টেৰণ আৰু জিৰছং এজাংপ’ৰ স্বীকাৰোক্তিৰ ভিত্তিত যোৱা নিশা প্ৰায় ১ বজাত ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত লাংবাংক্ৰই এলেকাত পুলিছ আৰু চিআৰপিএফে অভিযান চলায় ৷
ডকমকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিতোপন চুতীয়াৰ নেতৃত্বত আৰক্ষী আৰু চিআৰপিএফৰ কোব্ৰা ৰেজিমেণ্টৰ অভিযানকাৰী দলে শেষনিশা অভিযান চলাই অস্ত্ৰ সহ দুই পিডিচিকে ৰ কেডাৰক গ্ৰেপ্তাৰ কৰে ৷
আৰক্ষীৰ জালত পৰা পিডিচিকেৰ কেডাৰ দুজন ক্ৰমে,আঞ্জুকপানী থানা অন্তৰ্গত চন্দ্ৰ আথই গাঁৱৰ আৰমুঙ তেকাঙ ওৰফে ক্লিং তেৰাঙ(২৫) আৰু ডকমকাৰ লংকাম ডেৰা ওৰফে মহেন ফাংচ'(২১) বুলি চিনাক্ত কৰা হৈছে ৷ ইয়াৰে আৰমুঙ তেৰাঙ উগ্ৰপন্থী সংগঠনটোৰ লেন্স নায়ক পৰ্যায়ৰ হোৱাৰ বিপৰীতে লংকাম ডেৰা ব্যক্তিগত প্ৰশিক্ষক বুলি জানিব পৰা গৈছে ৷

ধৃত উগ্ৰপন্থী দুজনৰ কৱলৰ পৰা এটা পইণ্ট২২ পিষ্টল চাৰিজাঁই সজীৱ গুলী সহ এটা মেগজিন উদ্ধাৰ কৰা হৈছে৷ এই সন্দৰ্ভত ডকমকা থানাত ০৫/২০২০ নম্বৰত এক গোছৰ ৰুজো কৰা হৈছে ৷ আনহাতে ৩০ জানুৱাৰী নিশা আটক কৰা উগ্ৰপন্থী সদস্যক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷













