ASSAM TIMES POST
ডিফুঃ প্ৰতিবছৰৰ দৰে এই বছৰো কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত কাৰবি সকলৰ শুভ নৱবৰ্ষ ‘নিংকান কিমি’ আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিফুৰ কাউঞ্চিল কলনিত উদযাপন কৰা হয় ৷ এই উদ্দেশ্যে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ লংকি তিমুঙে শান্তিৰ এযোৰ কপৌ চৰাই উৰাই কাৰবি শুভ নৱ বৰ্ষ ‘নিংকান কিমি’ৰ শুভাৰম্ভ কৰে ৷
আনহাতে কাৰ্যক্ৰমণিকা অনুসৰি পুৱাৰ ভাগত সৰ্ব ধৰ্ম প্ৰাৰ্থানাৰ পিছত অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে বিভিন্ন ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতা খন উদ্ধোধন কৰে ডিফু মিউনিচিপালটি ব’ৰ্ডৰ অধ্যক্ষ ৰাহ ক্ৰ’য়ে ৷ইয়াৰ পিছত বিভিন্ন জনগোষ্ঠীৰ পৰাম্পৰাগত নৃত্যই উপস্থিত দৰ্শক সকলক আপ্লুত কৰে ৷ উল্লেখ যোগ্য কাৰ্বি শব্দ ‘থাংথাং’ অৰ্থাৎ ফেব্ৰুৱাৰী মাহ। কাৰ্বি সমাজত এই থাংথাং মাহ হৈছে বছৰৰ আৰম্ভণি আৰু নতুন বছৰৰ আদৰণি। কাৰ্বিসকলে জাতীয় জীৱনত ফেব্ৰুৱাৰী মাহটোক বছৰৰ প্ৰথম মাহ বুলি গণ্য কৰি আহিছে। কাৰ্বি জনগোষ্ঠী মূলতঃ কৃষিজীৱি। ইয়াৰ কৃষিকৰ্ম জুমতলী কেন্দ্ৰিক। কৃষিজীৱি কাৰ্বিসকলে সচৰাচৰ জুম পদ্ধতিৰে খেতি কৰে। এই জুমখেতিৰ বাবে ঠাই নিৰ্বাচন কৰা মাহ হৈছে ‘থাংথাং’ অৰ্থাৎ ফেব্ৰুৱাৰী মাহ ।
কাৰ্বি জনজীৱনত এই ‘থাংথাং’ মাহৰ তাৎপৰ্য আছে। কৃষিজীৱি কাৰ্বিসকলে জুম প্ৰথাৰে এডোখৰ মাটিত কেইবছৰমান খেতি কৰাৰ পিছত মাটিৰ উৰ্বৰতা হ্ৰাস পাই অহাৰ ফলস্বৰূপে খেতিৰ বাবে নতুন মাটিৰ সন্ধানত অন্য ঠাইলৈ যাবলগীয়া হয়। কাৰ্বি লোক পৰম্পৰাত ইয়াক ‘থাং থাং ৰিত লাং’ অৰ্থাৎ জুমখেতিৰ বাবে মাটি নিৰ্বাচনৰ মাহ ‘থাংথাং'( ফেব্ৰুৱাৰী) বুলি বিশ্বাস কৰা হয়।
সাংবাদিকৰে সৈতে হোৱা বৰ্তালাপত কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰধান সচিব সঞ্জীৱ দাসে সাংবাদিকৰ আগত সমগ্ৰ কাৰবি আংলংবাসী ৰাইজক শুভ নৱবৰ্ষৰ প্ৰাকক্ষণত হিয়া ভৰা আৰু শুভেশ্চা জ্ঞাপন কৰাৰ লগতে শুভ নৱবৰ্ষ’নিংকান কিমিৰ মাজতে পাহাৰীয়া জিলাখনৰ জনসাধাৰণৰ মাজত ভাতৃত্ব আৰু সমন্বয়ৰ এনাজৰীডাল সুদৃঢ় হোৱাৰ বাবে কামনা কৰে ৷












