ASSAM TIMES POST
ডিফুঃ “পাহাৰীয়া জিলা আৰু ষষ্ঠ অনুসূচীভূক্ত এলেকাত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰভাৱ নপৰে বুলি চৰকাৰে বাৰম্বাৰ কৈ অহাৰ পিছতো ইয়াকলৈ আস্বস্ত হব পৰা নাই পাহাৰৰ জনতাই “৷ এই লৈ আজি ডিফুস্থিত এএছডিচিৰ মুখ্য কাৰ্যালয়ত সন্মিলিত সংগ্ৰাম পৰিষদৰ লগতে আগছু, এপিএইছএলচি,এএছডিচি, জিচিএছ,জিএছইউ, কেএনচিএ, কেএছএ, কেএনএ,আৰএনচিএছ, আৰএনএছইউ, কেএছঅ’ তেএমইউএছ, টিচিএছ এক যৌথ সংবাদ সংবাদ মেলৰ আয়োজন কৰি এই মন্তব্য কৰে দল- সংগঠনৰ নেতৃবৰ্গই৷
দল-সংগঠন সমূহৰ নেতৃ বৰ্গই ইয়াকো কয়যে, ষষ্ঠ অনুসূচীভূক্ত আৰু ইনাৰ লাইনযুক্ত এলেকাত ‘কা’ৰ প্ৰভাৱ নপৰিব বুলি দিয়া চৰকাৰী আস্বাস সম্পূৰ্ণ মিছা আৰু ৰাষ্ট্ৰব্যাপি চলি থকা ‘কা’বিৰোধী আন্দোলনক বিভাজনমুখী কৰাৰ এক চক্ৰান্তহে মাথোন ৷ এবাৰ বিদেশীয়ে নাগৰিকত্ব পালে তাক কোনো অঞ্চলত সেই সকল বিদেশীক বসবাস কৰিবলৈ বাধা দিব পৰা নাযাব৷
ইতিমধ্যে ১৯৬০ চনৰ পৰাই তেতিয়াৰ পূব পাকিস্তান (বৰ্তমাৱ বাংলাদেশ)ৰ পৰা অহা অনুপ্ৰৱেশকাৰী ৰিফিউজি সকল হাওৰাঘাট থানা এলেকাৰ বৰবিল -ৰংকুটত গ্ৰেজিং ৰিজাৰভত থিতাপি লৈ থৈছে আৰু পশ্চিম কাৰবি আংলঙৰ বৈঠালাংচ’ থানা এলেকাৰ ৰংখাং সংৰক্ষিত বনাঞ্চলত সংস্থাপিত হৈছে ৷এই সকলক বিতাড়িত কৰিবলৈ কোনো সদিচ্ছা চৰকাৰে প্ৰদৰ্শন নকৰিলে৷
ফলত ক্ৰমান্বয়ে পাহাৰৰ খিলঞ্জীয়া সকল সীমিত হৈ গৈ আছে৷ আনহাতে বড়ো চুক্তিত বড়ো সকলৰ ভৈয়ামৰ জনজাতিৰ মৰ্যদা থকাৰ পিছতো চুক্তিৰ ৮ নং দফাত বড়ো সকললৈ পাৰ্বত্য জনজাতিৰ মৰ্যদা দিয়াৰো আজিৰ সংবাদ মেলত উপস্থিত থকা সংগঠন সমূহে বিৰোধিতা কৰে৷
অহা ৩ ফেব্ৰুৱাৰীৰ ডিফু-মাঞ্জা পথৰ পাঁছ মাইলৰ ৰংবং টিমুঙ মেম’ৰিয়েল ইংলিছ স্কুল খেল পথাৰত অনুষ্ঠিত হবলগীয়া বৃহৎ প্ৰতিবাদী সমদলত বুদ্ধিজিৱী অজিত ভূঞাঁ, মনজিৎ মহন্ত, কৃষক মুক্তি সংগ্ৰীম সমিতিৰ সভাপতি ৰাজু বৰা, লাচিত সেনাৰ শৃংখল চলিহা, এজেৱাইচিৰপিৰ পলাশ চাংমাই আলফাৰ সাধাৰণ সম্পাদক তথা জনজাতীয় ঐক্য মঞ্চৰ সভাপতি অনুপ চেতিয়া উপস্থিত থাকিব বুলি নেতৃ বৰ্গই সংবাদ মাধ্যমক জানিবলৈ দিছে৷’ কা’ বিৰোধী প্ৰতিবাদী সভাত সকলোকে অংশ গ্ৰহণ কৰিবলৈ সংগঠন সমূহৰ নেতৃবৰ্গই আজিৰ সংবাদ মেলৰ জৰিয়তে আহ্বান জনাইছে ৷












