ASSAM TIMES POST
ডিফুঃ প্ৰতিবছৰৰ দৰে এই বছৰো সমগ্ৰ ৰাজ্যৰ লগতে কাৰবি আংলঙৰ সদৰ চহৰ ডিফুতো উদযাপন কৰা হয় আহোম সকলৰ পৰাম্পৰা গত পূজা মে-ডাম-মে-ফী৷ পূৰ্বাঞ্চল তাই সাহিত্য সভা, কাৰবি আংলং জিলা সমিতি আৰু কাৰবি আংলং তাই আহোম কালচাৰেল ছ’চাইটিৰ যৌথ উদ্যোগত ডিফু ধৰমনালা স্থিত ছ্যুকাফা ভৱনত উদযাপন কৰা হয় পৰাম্পৰাগত পূজা ৷
কালি ফুৰালুং পূজা সম্পন্ন হোৱাৰ পিছত আজি পুৱাতেই ডিফু ছ্যুকাফা ভৱন প্ৰাংগনত মে-াম-মে-ফীৰ পতাকা উত্তোলন কৰে সভাপতি প্ৰিয়ৰাম দিহিঙ্গীয়াই ৷ পতাকা উত্তোলনৰ পিছত ভক্ত প্ৰাণ সকলে আহোম সকলৰ জাতীয় সংগীত পৰিবেশন কৰে৷

সমান্তৰালকৈ আহোম পূৰ্বপুৰুষ সকলৰ প্ৰতি সম্মান জনাই মৈদাম তৰ্পণ কৰা হয় ৷ ইয়াৰ পিছত উদ্যোক্তা সকলে পাটসাকোঁ মৰাণৰ পৰা আমন্ত্ৰণ কৰি অনা মলুঙ ক্ৰমে, সুৰেশ মোহন আৰু সবৰাম ফুকনে ৱানফী পূজা সম্পন্ন কৰে ৷ ৱান-ফী পূজাত খাও্ খাম্ ,আইলেং ডিং, জান ছাই হুং, লেংডন্ মুৎকুম, তাইকুম,চিৎলাম ছাং, ৰাখিন, বাখিন আৰু ডামফী দেৱতাক সন্তুষ্টিৰ বাবে পূজা অৰ্চনা কৰা হয় ৷

ইয়াৰোপৰি সাঝাৰণ সম্পাদক বিক্ৰম সন্দিকৈ মে-ডাম-মে-ফীৰ জৰিয়তে অসম তথা কাৰবি আংলংত জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ এনাজৰী ডাল অধিক দৃঢ় হোৱাৰ কামনা কৰিছে ৷












