ASSAM TIMES POST
স্পৰ্টছ ডেস্ক
প্ৰবল উত্তেজনাৰ মাজেৰেই ৱেলিংটনত ছুপাৰ অ’ভাৰত নিউজীলেণ্ডৰ বিপক্ষে চলিত শৃংখলাৰ চতুৰ্থখন টি-২০তো বিজয় সাব্যস্ত কৰে কোহলি বাহিনীয়ে৷ হেমিল্টনৰ দৰেই চতুর্থ টি-২০খনো হৈছিল টাই। ফলত পুনৰ ছুপাৰ অ’ভাৰলৈ যায় মেচখন। আৰু তাতেই শেষ হাঁহি মাৰে টীম ইণ্ডিয়াই। এটা বল বাকী থকা অৱস্থাত অধিনায়ক বিৰাট কোহলিৰ বেটৰ পৰা আহে বিজয় সূচক ৰাণ। লগে লগে পাঁচ মেচৰ শৃংখলাটোত ৪-০ত আগবাঢ়ি যায় বিৰাট কোহলিৰ দল।
উল্লেখ্য যে নির্ধাৰিত ২০ অ’ভাৰত জয়ৰ বাবে নিউজীলেণ্ডক প্ৰয়োজন আছিল ১৬৬ ৰাণ। কিন্তু নিৰ্ধাৰিত অ’ভাৰত নিউজীলেণ্ডে ৭ উইকেটত ১৬৫ ৰাণ কৰাৰ ফলত মেচখন টাই হয়৷
ইয়াৰ পিছত ছুপাৰ অ’ভাৰত নিউজীলেণ্ডে সংগ্ৰহ কৰে ১৩ ৰাণ৷ ইয়াৰ প্ৰত্যুত্তৰত বেটিং কৰিবলৈ আহে অধিনায়ক বিৰাট কোহলি আৰু কেএল ৰাহুল৷ ৰাহুলে টীম ছাউডিৰ প্ৰথম দুটা বলতে ১০ ৰাণ সংগ্ৰহ কৰে যদিও তৃতীয়টো বলত কেচ আউট হয়৷ ইয়াৰ পিছত চাৰি নম্বৰ বলটোত কোহলি ২ ৰাণ সংগ্ৰহ কৰে৷ পৰৱৰ্তী দুটা বলত ভাৰতক বিজয়ৰ বাবে প্ৰয়োজন আছিল ২ ৰাণ৷ কিন্তু পঞ্চম বলটোত কোহলিয়ে ৪ কোবাই ক্ৰমাগতভাৱে চতুৰ্থখন মেচত ভাৰতক বিজয়ৰ সোৱাদ প্ৰদান কৰে৷













