শনিবাৰে বিয়লিৰ ভাগত ডিফু শাখা কবি সন্মিলনৰ উদ্যোগত (Diphu Branch Poet’s Conference Initiative) অসম সাহিত্য সভাৰ কাৰবি আংলং জিলাৰ আঞ্চলিক কাৰ্যালয় ডিফুৰ ৰাংছিনা ভৱনত এটি কবিতা পাঠৰ অনুষ্ঠান (Poetry Reading) অনুষ্ঠিত হৈ যায়৷ এই উপলক্ষে অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ কবিতা পাঠ অনুষ্ঠানত ডিফুৰ নবীন-প্ৰবীন আৰু শিশু কবিসকলে কবিতা পাঠ কৰাৰ লগতে গীত পৰিৱেশন কৰে৷
ডিফু শাখা কবি সন্মিলনৰ সভানেত্ৰী গীতা বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত কবিতা পাঠ অনুষ্ঠানটিৰ সঞ্চালনা কৰে ক্ৰমে, জিলা কবি সন্মিলনৰ সভাপতি ছাৰ এট হাঞ্চে আৰু ডিফু শাখা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি তথা উপদেষ্টা পুতুল চেতিয়াই৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ডিফু শাখা কবি সন্মিলনৰ সভানেত্ৰী গীতা বৰাই কয় যে, নৱ গঠিত ডিফু শাখা কবি সন্মিলনৰ এইখন প্ৰথম কবিতা পাঠ অনুষ্ঠান৷

আজিৰ কবিতা পাঠ অনুষ্ঠানত ৬০ ত কৈও অধিক কবিয়ে স্বৰচিত, আনৰ কবিতা পাঠ কৰি অনুষ্ঠানটিক সাফল্য মণ্ডিত কৰি তোলে৷ তদুপৰি আজিৰ অনুষ্ঠানত অসম কবি সন্মিলনত কবিতা প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি বঁটা লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা ছাৰ এট হাঞ্চে, কৌস্তৱ খাউণ্ড, ৰবিন চন্দ্ৰ বেজ বৰুৱা আৰু গীতা হাঞ্চেপীক ডিফু শাখা কবি সন্মিলনৰ উদ্যোগত বিশেষ অভিনন্দন জ্ঞাপন কৰা হয়৷ আজিৰ অনুষ্ঠানত ডিফু শাখা কবি সন্মিলনৰ সম্পাদক পংকজ ডেকা আৰু সহকাৰী সম্পাদক প্ৰণিতা বেজ বৰুৱা আপু হিমাংক প্ৰকাশ বৰা লগতে অনান্য বিষয়ববীয়াসকল উপস্থিত থাকে৷