![]()
আজি দিনযোৰা কাৰ্যসূচীৰে ডিফুত কাৰবি আংলং জিলা কবি সন্মিলনৰ দ্বিতীয় দ্বি বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি পৰে ৷ ডিফুত অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয় ৰাংচিনা ভৱনৰ সভা কক্ষত সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত ডিফু শাখা কবি সন্মিলনৰ সহযোগত কাৰবি আংলং জিলা কবি সন্মিলনৰ দ্বিতীয় দ্বি বাৰ্ষিক অধিৱেশনখনি বিশিষ্ট ছাৰ এট হাঞ্চেৰ সঞ্চাসনাত অনুষ্ঠিত হয় ৷ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পতাকা উত্তোলন কৰে কাৰবি আংলং জিলা কবি সন্মিলনৰ সভাপতি ছাৰ এট হাঞ্চেই ৷

ইয়াৰ পিছত কাৰবি আংলঙৰ বিভিন্ন প্ৰান্তৰ পৰা অহা নবিন-প্ৰৱীণ কবি সকলে স্বৰচিত কবিতা পাঠ কৰি অনুষ্ঠানটি জীপাল কৰি তোলে ৷ আনহাতে উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি কাৰবি আংলং কবি সন্মিলনৰ দ্বিমাসিক আলোচনী হিৰজিৰ আৰু বিশিষ্ট কবি ও গীতিকাৰ এজাং ৰাজ ৰাজৰ কবিতা পুথি ‘ ধুলিয়ৰি বাটৰ খোজ’, আৰু ‘ অৰণ্য ‘ ৰ শুভ উন্মোচন কৰা হয় ৷ কবি সন্মিলনৰ শুভ ক্ষণতে বিশিষ্ট সাহিত্যিক কবি ছাৰ এট হাঞ্চেক সদৌ অসম কবি সন্মিলনে কাব্যপ্ৰাণ বঁটা আগবঢ়োৱাৰ বাবে অভিনন্দন পত্ৰ প্ৰদান কৰা হয় ৷
নিৰ্দিষ্ট বক্তাৰ ভাষণত বিশিষ্ট কবি সাহিত্যিক গীতা বৰাই কবিতা ৰচনাৰ ওপৰত তাৎপৰ্যপূৰ্ণ আৰু সাৰুৱা বক্তব্য প্ৰদান কৰে ৷ আজিৰ গাম্ভীৰ্যপুৰ্ণ মুকলি অধিৱেশনত কাৰবি আংলং জিলা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি বাৰিম ইংতি, বিশিষ্ট কবি সাহিত্যক সকল ক্ৰমে, চাৰ এট হাঞ্চে সঞ্চালনা, সাৱিত্ৰী গগৈ, গীতা বৰা, ভৱেশ ৰাজবংশী, অতুল বৰুৱা আৰু কাৰবি আংলং জিলা কবি সন্মিলনৰ নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক কৌস্তৱ খাউণ্ড উপস্থিত থাকে ৷













