
ইণ্ডিয়ান এছ’চিয়েছন অফ পার্লিয়ামেণ্টেৰিয়ান অন পপুলেছন এণ্ড ডেভেলপমেন্ট, নতুন দিল্লী নামৰ সাংসদ সকলৰ সংগঠনৰ উদ্যোগত আজি ডিফুৰ আৰব’বেটাম কাম ক্রাফ্ট চেণ্টাৰত কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ স্বায়ত্ত শাসিত পৰিষদৰ নির্বাচিত সদস্য সকলৰ সৈতে এখন কর্মশালা অনুষ্ঠিত হৈ যায়। মূলতঃ পাঁচটা বিষয়ত এই কর্মশালা অনুষ্ঠিত কৰা হয়। বাল্য বিবাহ, পুষ্টিহীনতা, মেলেৰিয়া, শিশু আৰু প্ৰসূতিৰ মৃত্যু আদি সামাজিক বিষয়ত এই কর্মশালা অনুষ্ঠিত হয়।

সাংসদ ভূবনেশ্বৰ কলিতা, ডিফুৰ সাংসদ অমৰছিং তিছ’, দুয়োখন পৰিষদৰ নিৰ্বাচিত সদস্য সকল এই কর্মশালাত উপস্থিত থাকে। জনসংখ্যা আৰু উন্নয়নৰ লগত জড়িত বিষয় সমূহ ইয়াত আলোচিত হোৱা বুলি সাংসদ কলিতাই উল্লেখ কৰি কয় যে, এই আলোচনাত স্থায়ী উন্নয়নমূলক আঁচনি সন্দর্ভতো আলোচনা হয়। স্বাস্থ্য, উন্নয়ন আৰু সামাজিক বিষয়ৰ ওপৰত আলোচনা অতি ফলপ্রসূ আছিল বুলি উল্লেখ কৰি কিছু কিছু ক্ষেত্রত এই দুয়োখন পৰিষদৰ এলেকা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক হাৰতকৈ যথেষ্ট উন্নতমানৰ বুলিও কলিতাই উল্লেখ কৰে।