ASSAM TIMES POST
নিউজ ডেস্ক
দেশজুৰি আৰম্ভ হোৱা বেঙ্ক ধর্মঘটৰ প্রথমদিনাই চৰম আহুকালত ভুগিছে গ্রাহকসকল। চলিত মাহৰ শেষৰ দিনটোত পুৱাৰে পৰাই এটিএমৰ সন্মুখত দেখা গৈছে গ্রাহকৰ দীঘলীয়া শাৰী। গুৱাহাটী মহানগৰীৰ দিছপুৰৰ ষ্টেট বেংক অব ইণ্ডিয়াৰ উত্তৰ-পূৰ্বাঞ্চল শাখাৰ মুখ্য কাৰ্যলয়ৰ সন্মুখত কৰ্মচাৰীসকলে সাব্যস্ত কৰিছে ধৰ্মঘট কাৰ্যসূচী।
শুক্রবাৰে পুৱাৰ পৰাই আৰম্ভ হৈছে বেঙ্ক ধর্মঘট। বেতন বৃদ্ধিৰ দাবীত শুক্ৰ আৰু শনিবাৰ অর্থাৎ ৩১ জানুৱাৰী আৰু ১ ফেব্রুৱাৰীত ধর্মঘটৰ আহ্বান জনাইছিল ৯টা কর্মচাৰী সংগঠনৰ যৌথ মঞ্চ ইউনাইটেড ফ’ৰাম অব বেঙ্ক ইউনিয়নছ (ইউএফবিইউ)-এ।
বৃহস্পতিবাৰে বেতন বৃদ্ধি সম্পৰ্কত মুম্বাইত ইণ্ডিয়ান বেঙ্কছ এছোচিয়েচন (আইবিএ)-ৰ সৈতে আলোচনাত মিলিত হৈছিল সংগঠন নেতাসকল। কিন্তু শেষ পর্যন্ত সেই আলোচনা ব্যর্থ হয়। ফলত বেঙ্ক কর্মচাৰীসকলে তেওঁলোকৰ দাবীত অটল থাকি ধর্মঘটৰ পথ অৱলম্বন কৰে।
আজি আৰু কাইলৈ দুদিন বেঙ্ক ধর্মঘটৰ পিছৰ দিনটো পৰিছে দোওবাৰ। ফলত সকলো মিলি বেঙ্ক বন্ধ থাকিব তিনি দিন। স্বাভাবিকভাৱেই তাকে লৈ চৰম কষ্ট ভুগিব গ্রাহকসকলে। কিয়নো ধৰ্মঘটৰ ফলত এটিএমসমূহত দেখা দিব দিব পাৰে ধনৰ তীব্ৰ নাটনিয়ে। উল্লেখ্য যে এই ধর্মঘটৰ আওতাত ৰাষ্ট্ৰীয় বেঙ্কসমূহৰ উপৰি বেচৰকাৰী আৰু বিদেশী বেঙ্কসমূহো আছে।













