ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur Violence : চতুৰ্থ দিনতো সাম্প্ৰদায়িক সংঘাতত উত্তপ্ত মণিপুৰ, নিহত প্ৰতিবাদকাৰী

নিউজ ডেস্কঃ

News Desk by News Desk
March 21, 2025
Reading Time: 1 min read
A A
0
Manipur Violence : চতুৰ্থ দিনতো সাম্প্ৰদায়িক সংঘাতত উত্তপ্ত মণিপুৰ, নিহত প্ৰতিবাদকাৰী

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

Manipur violence I দুই শিশু আৰু অৱসৰপ্ৰাপ্ত সেনা জোৱানক হত্যাক লৈ পুনৰ উত্তপ্ত মণিপুৰ

চতুৰ্থ দিনতো মণিপুৰ (Manipur)ৰ চুৰাচান্দপুৰ জিলা (Churachandpur District)ত শান্তি প্ৰতিষ্ঠা হোৱা নাই। বৃহস্পতিবাৰেও জিলাখনৰ বিভিন্ন প্ৰান্তত সমগ্ৰ দিনটো অশান্তি অব্যাহত (Unrest continues) থাকে। ফলত দোকান-পোহাৰ, বিদ্যালয়-মহাবিদ্যালয়সমূহো বন্ধ কৰি দিয়া হয়।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, মঙলবাৰৰ নিশাৰ পৰা চুৰাচান্দপুৰত মাৰ আৰু জোমি সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ আৰম্ভ হয়। শিলগুটি নিক্ষেপ কৰাৰ লগতে বহু বাহন ভাঙি পেলোৱা হয়। ক’ৰবাত গুলীচালনাও হয়। এই সকলোবোৰৰ মাজতে লালৰোপুই পাখোৱাংটে (৫১) নামৰ এজন মাৰ সম্প্ৰদায়ৰ ব্যক্তিক জোমি লোকে হত্যা কৰে। সংকটজনক অৱস্থাত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। ইয়াৰ উপৰি এই ঘটনাত কেইবাজনো লোক আহত হোৱা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।

manipur 3 | ASSAM TIMES POST
চতুৰ্থ দিনতো সাম্প্ৰদায়িক সংঘাতত উত্তপ্ত মণিপুৰ, নিহত প্ৰতিবাদকাৰী (File Photo)

ইয়াৰ প্ৰতিবাদত মাৰসকলে পুনৰ ধৰ্মঘটৰ আহ্বান জনায়। বন্ধ সফল কৰিবলৈ জিলাখনৰ বিভিন্ন প্ৰান্তত উত্তেজনা আৰম্ভ হয়। বন্ধ থাকে স্কুল-কলেজ। অৱশেষত বন্ধ ঘোষণা কৰাৰ কেইঘণ্টামানৰ ভিতৰতে বিধায়কসকলে ৰাইজক শান্তি বজাই ৰাখিবলৈ আহ্বান জনায়। এক যৌথ বিবৃতিত চুৰাচান্দপুৰ জিলাৰ কুকি, জোমি আৰু মাৰ জনগোষ্ঠীৰ কমেও ১২টা সংগঠনে শান্তিৰ আহ্বান জনায়। ভৱিষ্যতে পৰিস্থিতি নিৰীক্ষণৰ বাবে এখন যুটীয়া শান্তি সমিতিও গঠন কৰা হয়।

উল্লেখ্য যে চুৰাচান্দপুৰ হৈছে মূলতঃ জোমি জনগোষ্ঠীৰ ঘৰ। অৱশ্যে কিছুমান অঞ্চলত মাৰ আৰু কুকি জনগোষ্ঠীৰ লোকেও বসবাস কৰে। সেয়ে মাৰ আৰু জোমিৰ সংঘৰ্ষৰ মাজতে জিলাখনৰ বিভিন্ন সাহায্য শিবিৰত থকা কুকি জনগোষ্ঠীৰ কেইবাজনো স্থানচ্যুত লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।

চলিত সপ্তাহৰ আৰম্ভণিতে চুৰাচান্দপুৰত এজন মাৰৰ নেতাৰ ওপৰত আক্ৰমণৰ ফলত এই অশান্তিৰ সূত্ৰপাত ঘটে। যোৱা দেওবাৰে নিশা জেনহাঙত মাৰ ইনপুইৰ এছ’চিয়েচনৰ সাধাৰণ সম্পাদক ৰিচাৰ্ড মাৰেক অচিনাক্ত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰে। উক্ত আক্ৰমণৰ পিছতে মাৰসকলে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। সমগ্ৰ জিলাখনতে উত্তেজনা বিয়পি পৰে। এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সোমবাৰে পুৱাৰে পৰা সমগ্ৰ জিলাখনত ১৬৩ ধাৰা জাৰি কৰা হয়।

Tags: ManipurViolenceউত্তপ্তমণিপুৰ
Share4Tweet3Send

Related Posts

Manipur violence : মণিপুৰৰ বিষ্ণুপুৰ জিলাত ধাৰাবাহিক বিস্ফোৰণত আহত ৩
NORTHEAST

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

by Staff Reporter
May 7, 2026
50
Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎
NORTHEAST

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

by News Desk
April 24, 2026
50
Ten militants were killed in a clash in India-Myanmar border: The situation in Manipur is critical
NORTHEAST

Manipur violence I দুই শিশু আৰু অৱসৰপ্ৰাপ্ত সেনা জোৱানক হত্যাক লৈ পুনৰ উত্তপ্ত মণিপুৰ

by Staff Reporter
April 21, 2026
50
প্ৰচণ্ড ভূমিকম্পই কঁপালে মণিপুৰ
NORTHEAST

প্ৰচণ্ড ভূমিকম্পই কঁপালে মণিপুৰ

by Staff Reporter
April 21, 2026
50
Manipur violence : বন্ধ ইণ্টাৰনেট, কাৰ্ফিউ জাৰি; দুই নাবালকৰ মৃত্যুৰ পিছত পুনৰ জ্বলিছে মণিপুৰৰ বিষ্ণুপুৰ
NORTHEAST

পুনৰ অগ্নিগৰ্ভ মণিপুৰ

by Staff Reporter
April 20, 2026
50
Tripura Autonomous District Council : ত্ৰিপুৰা এডিচি নিৰ্বাচনত বিজেপিৰ পৰাজয়
NORTHEAST

Tripura Autonomous District Council : ত্ৰিপুৰা এডিচি নিৰ্বাচনত বিজেপিৰ পৰাজয়

by News Desk
April 17, 2026
50
ADVERTISEMENT
HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ
Assam

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

May 12, 2026
50
Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ
National-International

Delhi Student harrased I দিল্লীত পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুগৰাকী যুৱতীক হাৰাশাস্তি

May 12, 2026
50
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ
National-International

PM Modi I এইবাৰ অনলাইন শ্ৰেণী আৰম্ভ কৰাৰ বাবে বিদ্যালয়সমূহলৈ প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ বাৰ্তা

May 12, 2026
50
Fuel price review : ১৫ দিনৰ মূৰে মূৰে পুনৰীক্ষণ হ’ব পেট্ৰ’ল-ডিজেলৰ মূল্য, ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ
National-International

India fuel crisis I দেশত পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত আছে, মোদীৰ সংযমী হোৱাৰ বাৰ্তাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা

May 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

May 12, 2026
Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ

Delhi Student harrased I দিল্লীত পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুগৰাকী যুৱতীক হাৰাশাস্তি

May 12, 2026
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ

PM Modi I এইবাৰ অনলাইন শ্ৰেণী আৰম্ভ কৰাৰ বাবে বিদ্যালয়সমূহলৈ প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ বাৰ্তা

May 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx