চতুৰ্থ দিনতো মণিপুৰ (Manipur)ৰ চুৰাচান্দপুৰ জিলা (Churachandpur District)ত শান্তি প্ৰতিষ্ঠা হোৱা নাই। বৃহস্পতিবাৰেও জিলাখনৰ বিভিন্ন প্ৰান্তত সমগ্ৰ দিনটো অশান্তি অব্যাহত (Unrest continues) থাকে। ফলত দোকান-পোহাৰ, বিদ্যালয়-মহাবিদ্যালয়সমূহো বন্ধ কৰি দিয়া হয়।
স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, মঙলবাৰৰ নিশাৰ পৰা চুৰাচান্দপুৰত মাৰ আৰু জোমি সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ আৰম্ভ হয়। শিলগুটি নিক্ষেপ কৰাৰ লগতে বহু বাহন ভাঙি পেলোৱা হয়। ক’ৰবাত গুলীচালনাও হয়। এই সকলোবোৰৰ মাজতে লালৰোপুই পাখোৱাংটে (৫১) নামৰ এজন মাৰ সম্প্ৰদায়ৰ ব্যক্তিক জোমি লোকে হত্যা কৰে। সংকটজনক অৱস্থাত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। ইয়াৰ উপৰি এই ঘটনাত কেইবাজনো লোক আহত হোৱা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।

ইয়াৰ প্ৰতিবাদত মাৰসকলে পুনৰ ধৰ্মঘটৰ আহ্বান জনায়। বন্ধ সফল কৰিবলৈ জিলাখনৰ বিভিন্ন প্ৰান্তত উত্তেজনা আৰম্ভ হয়। বন্ধ থাকে স্কুল-কলেজ। অৱশেষত বন্ধ ঘোষণা কৰাৰ কেইঘণ্টামানৰ ভিতৰতে বিধায়কসকলে ৰাইজক শান্তি বজাই ৰাখিবলৈ আহ্বান জনায়। এক যৌথ বিবৃতিত চুৰাচান্দপুৰ জিলাৰ কুকি, জোমি আৰু মাৰ জনগোষ্ঠীৰ কমেও ১২টা সংগঠনে শান্তিৰ আহ্বান জনায়। ভৱিষ্যতে পৰিস্থিতি নিৰীক্ষণৰ বাবে এখন যুটীয়া শান্তি সমিতিও গঠন কৰা হয়।
উল্লেখ্য যে চুৰাচান্দপুৰ হৈছে মূলতঃ জোমি জনগোষ্ঠীৰ ঘৰ। অৱশ্যে কিছুমান অঞ্চলত মাৰ আৰু কুকি জনগোষ্ঠীৰ লোকেও বসবাস কৰে। সেয়ে মাৰ আৰু জোমিৰ সংঘৰ্ষৰ মাজতে জিলাখনৰ বিভিন্ন সাহায্য শিবিৰত থকা কুকি জনগোষ্ঠীৰ কেইবাজনো স্থানচ্যুত লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।
চলিত সপ্তাহৰ আৰম্ভণিতে চুৰাচান্দপুৰত এজন মাৰৰ নেতাৰ ওপৰত আক্ৰমণৰ ফলত এই অশান্তিৰ সূত্ৰপাত ঘটে। যোৱা দেওবাৰে নিশা জেনহাঙত মাৰ ইনপুইৰ এছ’চিয়েচনৰ সাধাৰণ সম্পাদক ৰিচাৰ্ড মাৰেক অচিনাক্ত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰে। উক্ত আক্ৰমণৰ পিছতে মাৰসকলে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। সমগ্ৰ জিলাখনতে উত্তেজনা বিয়পি পৰে। এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সোমবাৰে পুৱাৰে পৰা সমগ্ৰ জিলাখনত ১৬৩ ধাৰা জাৰি কৰা হয়।