ASSAM TIMES POST
বিশেষ প্ৰতিবেদক
আজি পৱিত্ৰ মে-ডাম-মে-ফি। টাই-আহোমসকলৰ পৰম্পৰাগত পৱিত্ৰ উত্সৱ এই মে-ডাম-মে-ফি। সম্পূৰ্ণ আহোম ধৰ্মীয় পৰম্পৰাৰে পূজা আগবঢ়াই আজি দিনটোত স্মৰণ কৰা হয় আহোমসকলৰ পূৰ্বপুৰুষ তথা উপৰিপুৰুষসকলক। টাই ভাষাৰ শব্দ মে-ডাম-মে-ফি সম্পূৰ্ণ অৰ্থ হৈছে মে মানে পূজা, ডাম মানে মৃতক বা উপৰিপুৰুষ, ফি মানে দেৱতা অৰ্থাৎ স্বৰ্গ দেৱতা আৰু উপৰিপুৰুষসকলক দিয়া পূজা। উল্লেখ্য যে সাত ৰাজ মাৰি এক বৃহৎ অসমীয়া জাতি গঠন কৰা প্ৰধান পুৰুষ চাওলুং চুকাফাৰ দিনৰে পৰা পালন কৰি অহা হৈছে এই মে-ডাম-মে-ফি।
আনহাতে, পূৰ্বৰ দৰে এইবাৰো ৰাজ্যৰ ভিন্ন প্ৰান্তত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হৈছে মে-ডাম-মে-ফি। আহোমৰ প্ৰথমখন স্থায়ী ৰাজধানী চৰাইদেউত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে মে-ডাম-মে-ফিৰ অনুষ্ঠান। ইফালে গুৱাহাটীৰ নটবমাতো দিনজোৰা কাৰ্যসূচীৰে আজি পালন কৰা হৈছে মে-ডাম-মে-ফি।
উল্লেখ্য যে চৰাইদেউত আয়োজিত মে-ডাম-মে-ফিৰ কেন্দ্ৰীয় অনুষ্ঠানত মুখ্য মন্ত্ৰীয়ে অংশগ্ৰহণ কৰি আশীৰ্বাদ গ্ৰহণ কৰে। তাৰ পৰাই আহোমসকলৰ এই পবিত্ৰ দিনটোত ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যবাসীক উদ্দেশ্যি শুভেচ্ছা জ্ঞাপন কৰে। তেওঁৰ শুভেচ্ছাবাণীত কয়, “জাতি, ধৰ্ম, বৰ্ণ নির্বিশেষে এখন ঐক্যবদ্ধ আৰু শক্তিশালী অসম গঢ়াৰ যাত্ৰাত স্বৰ্গদেউসকলৰ আশীৰ্বাদে আমাক পথ প্ৰদৰ্শন কৰক।” লোকবিশ্বাস অনুসৰি এই পূজাৰ জৰিয়তে উপৰিপুৰষসকলক স্মৰণ কৰি বিশ্ব শান্তিৰ কামনা কৰা হয়।













