ASSAM TIMES POST
নিউজ ডেস্ক
ক্রমশ ভয়ানক হৈ উঠিছে নোভেল ক’ৰোনা ভাইৰাছ। এতিয়া পর্যন্ত কোনো প্রতিষেধক নাই, অন্যহাতে প্রতিদিনে বৃদ্ধি পাই গৈছে মৃতকৰ সংখ্যা। বৃহস্পতিবাৰ পর্যন্ত য’ত চীনত মৃতকৰ সংখ্যা আছিল ১৭০, শুক্রবাৰে সেয়া বৃদ্ধি হৈ হয় ২১৩। ইয়াৰ ভিতৰত কেৱল হুৱেই প্রদেশতেই মৃত্যু হৈছে ২০৪জনৰ। সমগ্র চীনত আক্রান্তৰ সংখ্যা প্রায় ১০ হাজাৰ। চীনৰ বাহিৰেও মুঠ ১৮খন দেশত এই ভাইৰাছ বিয়পি পৰা বুলি খবৰ পোৱা গৈছে। অৱশ্যে চীনৰ বাহিৰে অন্য কোনো দেশত এতিয়াও ভয়ঙ্কৰ ৰূপ ধাৰণ কৰা নাই ক’ৰোনা ভাইৰাছে। পৰিস্থিতি পৰ্যালোচনা কৰি নোভেল ক’ৰোনা ভাইৰাছক লৈ সমগ্ৰ বিশ্বকে সতর্ক কৰি বিশ্ব স্বাস্থ্যৰ জৰুৰী অৱস্থা ঘোষণা কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই (হু)।
ইফালে ক’ৰোনা ভাইৰাছৰ সৈতে মোকাবিলাৰ যথেষ্ট প্ৰচেষ্টা চলোৱা হৈছে চীনত। প্রায় ৪০০ কোটি ডলাৰ আবণ্টন কৰা হৈছে ইয়াৰ পৰা। বিশেষজ্ঞ দল তৈয়াৰ কৰি ওচৰৰ পৰা ইয়াৰ ওপৰত নজৰ ৰখা হৈছে। চীনত সাহায্যৰ বাবে আগুৱাই আহিছে শিল্পপতি জেক মা আৰু বিল অ’ মেলিণ্ডা গেটছ। চীনৰ এই প্রচেষ্টাৰ প্রশংসা কৰিছে হুৱে।
আনহাতে, চীনত বিয়পি পৰা ক’ৰোনা ভাইৰাছৰ আতঙ্কত কঁপিছে দেশখনৰ প্রতিবেশী দেশসমূহো। চীন-ৰাছিয়া সীমান্ত অনির্দিষ্ট কালৰ বাবে বন্ধ ৰখাৰ বাবে সিদ্ধান্ত লৈছে ৰাছিয়াই। ইটালীৰ প্রধান মন্ত্রীয়ে চীন-ইটালীৰ মাজত সমস্ত উৰণ বাতিলৰ ঘোষণা কৰিছে। এয়াৰ ইণ্ডিয়া, ব্রিটিছ এয়াৰৱেজ, লায়ন এয়াৰ, ইণ্ডিগোৰ দৰে উৰণ সংস্থাই তেওঁলোকৰ চীনগামী বিমান সেৱা আপাততঃ বন্ধ ৰাখিছে। দক্ষিণ কোৰিয়া, ফ্রান্স, ব্রিটেইনে বিমান প্ৰেৰণ কৰি চীনৰ পৰা তেওঁলোকৰ সকলো নাগৰিকক দেশলৈ ঘূৰাই অনাৰ প্রস্তুতি আৰম্ভ কৰিছে। বিশেষ বিমান পঠাইছে নিউজীলেণ্ড, ছিঙ্গাপুৰেও। জাপানে ইতিমধ্যেই দুখনকৈ বিমানত তেওঁলোকৰ দেশৰ নাগৰিকসকলক ঘূৰাই আনিছে। নাগৰিকসকলক দেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিছে ভাৰতেও।
অৱশ্যে সাৱধানতাৰ প্রয়োজন বুলিলেও আতঙ্কিত নহ’বলৈ অনুৰোধ কৰিছে হুৰ সঞ্চালক প্ৰধান টেড্ৰোছ আধানম ঘেব্রেয়েছাছে। বিশ্ব স্বাস্থ্য সংস্থাই চিনলৈ যোৱা আৰু চীনৰ সৈতে ব্যৱসায়-বাণিজ্য বন্ধ কৰাৰ সাময়িক প্রস্তাৱৰো বিৰোধিতা কৰিছে।













