ASSAM TIMES POST
নিউজ ডেস্ক
উত্তৰ প্ৰদেশৰ ফাৰুখাবাদ জিলাৰ কছৰিয়া গাঁৱত বৃহস্পতিবাৰে সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। এজন লোকে বাৰ্থডে’ পাৰ্টী বুলি মাতি আনি ২৩টা শিশুক আবদ্ধ কৰে ঘৰৰ ভিতৰত। প্ৰায় ১১ ঘণ্টাজোৰা এক ৰুদ্ধশ্বাসকৰ নাটকৰ অন্তত সুভাষ বাথম নামৰ লোকজনক হত্যা কৰি আৰক্ষীয়ে উদ্ধাৰ কৰে শিশুসকলক।
বৃহস্পতিবাৰে সন্ধিয়া সুভাষ বাথম নামৰ লোকজনে বাৰ্থডে’ পাৰ্টী বুলি কৈ চুবুৰীয়াৰ ২৩টা শিশুক নিজৰ ঘৰলৈ মাতিছিল। তাৰ পিছতে শিশুকেইটাক ঘৰৰ ভিতৰত আবদ্ধ কৰে লোকজনে। সেই সময়ত ঘৰত আছিল সুভাষৰ পত্নীও। ‘আজটক’ৰ খবৰ অনুসৰি, শিশুসকলক আবদ্ধ কৰাৰ পিছত সুভাষে ছাঁদলৈ আহি শিশুসকলক আবদ্ধ কৰাৰ কথা সকলোকে জনায় আৰু বোমাৰে উৰাই দিয়াৰ ভাবুকি দিয়ে।
ইয়াৰ পিছতে আতংকিত গাঁৱৰ লোকসকলে এজন লোকক সুভাষৰ সৈতে কথা পাতিবলৈ পঠিয়ায়, কিন্তু সুভাষে লোকজনৰ ভৰিলৈ লক্ষ্য কৰি গুলীচালনা কৰে। স্থানীয় লোকে এই কথা আৰক্ষীক অৱগত কৰে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘেৰাও কৰে ঘৰটো।
সেয়া আছিল আৰক্ষীৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান, কাৰণ ২৩টি শিশুৰ জীৱনক লৈ উত্থাপন হৈছিল প্ৰশ্ন। এটা ভুলৰ বাবেই হয়তো প্ৰাণ যাব পাৰে কণমানি শিশুকেইটিৰ। আৰক্ষীয়ে সহজভাৱে সুভাষৰ লগত কথা পতাৰ চেষ্টা কৰে, কিন্তু লোকজনে আৰক্ষীলৈও গুলীচালনা কৰে। এই ঘটনাত দুজন জোৱান আহত হয়।
পৰিস্থিতি অধিক উত্তেজনাপূৰ্ণ হোৱাত আৰক্ষীৰ উচ্চপদস্থ বিষয়াও উপস্থিত হয় ঘটনাস্থলীত। কোনেও বুজা নাছিল যে সুভাষে কি বিচাৰে, কিয় আবদ্ধ কৰিছে শিশুসকলক? মাজতে পুনৰ গুলীচালনা কৰে সুভাষে। ঘটনা ক্ৰমাৎ জটিল হৈ পৰাত ডিজিপিয়ে এটিএছ দলক ঘটনাস্থলীত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়ে আৰু এনএছজিৰ সৈতে যোগাযোগ কৰে।
নিশা প্ৰায় ১১ বজাত সুভাষে এটি প্ৰায় দুবছৰীয়া শিশুক ঘৰৰ পৰা বাহিৰলৈ প্ৰেৰণ কৰে। সুভাষৰ পত্নীয়ে শিশুটি আৰু এখন পত্ৰ লৈ বাহিৰলৈ আহিছিল। পত্ৰখনত লিখা হৈছিল যে দীৰ্ঘদিন ধৰি চৰকাৰী আঁচনিৰ ঘৰ আৰু শৌচালয় লাভৰ বাবে আবেদন কৰি আহিছিল যদিও এতিয়ালৈকে সেয়া লাভ কৰা নাই।
নিশা সুভাষৰ ঘৰলৈ শিলাবৰ্ষণ আৰম্ভ কৰে স্থানীয় লোকে। আৰক্ষীৰ দলো সাজু হৈ আছিল। আৰক্ষীয়ে সুভাষক কথাত ব্যস্ত ৰাখিছিল। আন এটা দলে পিছফালৰ গে’টত সাজু হৈ আছিল। নিশা প্ৰায় ১ বজাত গাঁওবাসীয়ে ঘৰটোত আক্ৰমণ কৰে আৰু মুখ্য দুৱাৰ ভাঙি পেলায়। ইয়াৰ পিছতে আৰক্ষীয়েও ঘৰত প্ৰৱেশ কৰে আৰু সুভাষক গুলীয়াই হত্যা কৰে।
আনহাতে, স্থানীয় মহিলাৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা সুভাষৰ পত্নীক সংকটজনক অৱস্থাত আৰক্ষীয়ে হাস্পতালত ভৰ্তি কৰোৱায় যদিও হাস্পতালতে মৃত্যু হয় মহিলাগৰাকীৰ। আনহাতে, সুভাষৰ এবছৰীয়া কন্যাক প্ৰশাসনে সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰে।
সুভাষক হত্যাৰ পিছতে ঘৰটোৰ পৰা আৰক্ষীয়ে সুকলমে উদ্ধাৰ কৰে ২৩ শিশুক। এই অভিযান সফল কৰিবলৈ সক্ষম হোৱা আৰক্ষীৰ দলটোক মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ১০ লাখ টকাৰ লগতে প্ৰশস্তি-পত্ৰ প্ৰদানৰ ঘোষণা কৰিছে।













