ASSAM TIMES POST
নিউজ ডেস্ক
জম্মু–কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় ৩ সন্ত্ৰাসবাদী। জম্মু–শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নগৰোটাৰ চিআৰপিএফ পোষ্টৰ সমীপত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ গুলীয়াগুলীত ৩ সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে নিৰাপত্তাৰক্ষীৰ এজন জোৱানো আহত হৈছে।
সংবাদ প্ৰতিষ্ঠান পিটিআইৰ খবৰ অনুসৰি, শুকুৰবাৰে পুৱতিনিশা জম্মু–শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথস্থিত বন্ন টোল প্লাজাত এখন ট্ৰাক ৰখোৱাৰ সময়তে ট্ৰাকত থকা ৩–৪জনীয়া সন্ত্ৰাসবাদীৰ দলে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে। দুয়োপক্ষৰ গুলীচালনাত তিনিটা সন্ত্ৰাসবাদী নিহত হয় আৰু এজন আৰক্ষী জোৱান আহত হয়।
এই ঘটনাৰ পিছতে ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ কৰি দিয়া হৈছে। এইপৰ্যন্ত অঞ্চলটোত নিৰাপত্তাৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। সন্ত্ৰাসবাদীকেইটাই ট্ৰাকখনেৰে শ্ৰীনগৰলৈ গৈ আছিল বুলি জানিব পৰা গৈছে।
আজটকৰ খবৰ অনুসৰি, আত্মঘাতী আক্ৰমণৰ পৰিকল্পনা আছিল সন্ত্ৰাসবাদীকেইটাৰ। ট্ৰাকেৰে কাশ্মীৰত প্ৰৱেশৰ চেষ্টা কৰিছিল সন্ত্ৰাসবাদীৰ দলটোৱে। নিৰাপত্তাৰক্ষীয়ে ঘটনাস্থলীৰ পৰা বহু পৰিমাণৰ অস্ত্ৰ–শস্ত্ৰ উদ্ধাৰ কৰিছে।













