ASSAM TIMES POST
ডিফুঃ কাৰবি আংলঙৰ ডকমকাত বলপূৰ্বক ধন নিবলৈ আহি ৰাইজৰ হাতত আটক হ’ল উগ্ৰপন্থী সংগঠন পিডিচিকেৰ দুই কেডাৰ ৷ যোৱা মাজনিশা ৰাইজে আটক কৰে কেডাৰ দুজনক ৷

বলপূৰ্বক ধন নিবলৈ আহি ডকমকা থানা এলেকাৰ ভিভাৰ ছয় টেৰণ গাঁৱৰ ৰাইজৰ হাতত বন্দী হয় উগ্ৰপন্থী সদস্য দুজন ৷ ৰাইজে ধৃত পিডিচিকে কেডাৰ দুজনৰ পৰা এখন ৰিচিভ বুক আৰু ১৮ খন পিডিচিকে পেড উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

ধৃত কেডাৰ দুজন ডেভিড মুক্ৰাঙৰ নিকট সান্নিধৰ বুলি জানিব পৰা গৈছে ৷ ধৃত কেডাৰ দুজন ক্ৰমে, লাংথাম ক্ৰ’ গাঁৱৰ লংকি হাঞ্ছৰ পুত্ৰ জিৰছং হাঞ্ছে (20) আৰু মুকাচং গাঁৱৰ খৰছিং টেৰণৰ পুত্ৰ ক্লাৰবং টেৰণ (19) বুলি চিনাক্ত কৰা হৈছে ৷













