ASSAM TIMES POST
বিশেষ প্ৰতিবেদক
অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম শুৱালকুছি অধিবেশন কামৰূপ জিলাৰ শুৱালকুছিৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ সেউজ বালিচৰ ‘জ্যোতি ক্ষেত্ৰ’ত ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব। অধিবেশনৰ বাবে ইতিমধ্যে সাজু কৰি তোলা হৈছে মূল মঞ্চ, মঞ্চৰ উপৰি সুকীয়াকৈ সজাই তোলা হৈছে ডঃ ভূপেন হাজৰিকা মঞ্চৰ লগতে কেইবাখনো মঞ্চ, গ্ৰন্থমেলাৰ প্ৰাংগণ, আনন্দ মেলা, বাণিজ্য মেলা, প্ৰদৰ্শনী, নামঘৰ আদি।
আনহাতে, শুৱালকুছি অধিবেশনলৈ অহা আমন্ত্ৰিত অতিথিসকল আৰু সমগ্ৰ ৰাজ্যৰ পৰা অহা প্ৰতিনিধিসকলক অভ্যৰ্থনাৰ বাবে সাজু হৈছে আদৰণী সমিতি। পুৱাৰ ভাগত অসমীয়াৰ পৰম্পৰাগত লাৰু, পিঠা আৰু লঘু আহাৰ থাকিব। দুপৰীয়া মাটিমাহৰ সৈতে নিৰামিষ আৰু নিশা আমিষৰ ব্যৱস্থা কৰা হৈছে। সৰ্বমুঠ এক লাখৰ পৰা ডেৰ লাখ লোকক আপ্যায়িত কৰিব অভ্যৰ্থনা সমিতিয়ে৷ ৰান্ধনিশালত থাকিব ৫০টা চৌকা আৰু ২০০গৰাকী ৰান্ধনি৷ ইফালে, স্থানীয় কুটীৰ শিল্পী প্ৰকাশ বায়নে নিৰ্মাণ কৰা শুৱালকুছিৰ স্বাভিমানৰ প্ৰতীক তাঁতশালেৰে সাহিত্য সভালৈ আমন্ত্ৰণ কৰা প্ৰতিগৰাকী অতিথিক আদৰণি জনাব আদৰণী সমিতিয়ে। ইয়াৰ উপৰি শিল্পী প্ৰকাশ বায়নে নিজ হাতেৰে বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিছে।

এই সামগ্ৰীসমূহ প্ৰদৰ্শন কৰাৰ বাবে প্ৰদৰ্শনীত দুটাকৈ ষ্টল সাজু কৰিছে। প্ৰদৰ্শনীত শ-বছৰ পুৰণি সামগ্ৰী যেনে বৈঠা, ডোলা, বোৱা-কটা, ৰজা-মহাৰজাৰ দিনৰ বিশেষ মুদ্ৰা প্ৰদৰ্শন কৰাৰ বাবে শিল্পী প্ৰকাশ বায়নে সাজু কৰিছে। অধিবেশনৰ প্ৰতিখন মঞ্চত পৰিবেশনৰ বাবে সাজু কৰা হৈছে ২০টা সমবেত সঙ্গীত। ইয়াৰ বাবে প্ৰায় তিনিশ শিল্পীয়ে দিনেই-নিশাই অনুশীলনত ব্যস্ত। আনহাতে, জৰুৰীকালীন সেৱাসমূহৰ ভিতৰত অগ্নিনিৰ্বাপক বাহনীৰ প্ৰায় ১৫খনকৈ গাড়ী সভাস্থলীত সাজু কৰি ৰখা হৈছে। চিকিৎসা সেৱাৰ বাবে ১০খন বিছনাযুক্ত অস্থায়ী চিকিৎসালয়ো প্ৰায় সাজু হৈ উঠিছে।
নিৰাপত্তাৰ দিশতো সমগ্ৰ সভাস্থলীত তিনি শতাধিক চিচি কেমেৰা স্থাপন কৰা হৈছে। অসম সাহিত্য সভাৰ শুৱালকুছি অধিবেশনখন লৈ এতিয়া বিৰামহীন ব্যস্ততা আদৰণী সমিতিৰ লগতে বৃহত্তৰ শুৱালকুছিবাসীৰ৷













