ASSAM TIMES POST
নিউজ ডেস্ক
আলোচনা ব্যর্থ । বেঙ্ক ধর্মঘটত অটল শ্রমিক ইউনিয়নসমূহ। মজুৰি বৃদ্ধিৰ দাবী মানি নোলোৱাত সমগ্ৰ দেশজুৰি ৩১ জানুৱাৰী, শুকুৰবাৰ আৰু ১ ফেব্রুৱাৰী, শনিবাৰে ধর্মঘটৰ আহ্বান জনাইছিল বেঙ্ক কর্মীসকলৰ যৌথ মঞ্চই। বৃহস্পতিবাৰে ইণ্ডিয়ান বেঙ্কছ এছ’চিয়েচন (আইবিএ)ৰ সৈতে আলোচনাত বহিছিল ৯টা সংগঠনৰ যৌথ মঞ্চ।
কিন্তু দীর্ঘ আলোচনাৰ পিছতো সমাধানসূত্র নোলোৱাত পূৰ্ব নিৰ্ধাৰিত দুটা দিনত তেওঁলোক ধর্মঘটৰ পথৰ পৰা আঁতৰি নাহে বুলি জানিব পৰা গৈছে। অৰ্থাৎ আগন্তুক দুটা দিনত ধৰ্মঘটৰ লগতে ২ ফেব্ৰুৱাৰী দেওবাৰ হোৱা বাবে এতিয়া তিনি দিনকৈ বন্ধ থাকিব বেঙ্ক সেৱা৷













