ASSAM TIMES POST
নিউজ ডেস্ক
সাৱধান! ভাৰতত সোমাইছে মাৰাত্মক ক’ৰোনা ভাইৰাছ৷ কেৰালাত ধৰা পৰিল দেশৰ প্ৰথমজন ক’ৰোণা ভাইৰাছত আক্ৰান্ত ৰোগী। ৰোগীজন চীন দেশৰ য়ুহানত অধ্যয়নৰত চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী। বৰ্তমান ৰোগীজনক একাষৰীয়াকৈ ৰাখি চিকিৎসা প্ৰদান কৰা হৈছে।
অৱশ্যে ৰোগীজন কেৰালাৰ কোন অঞ্চলৰ, সেই কথা এতিয়ালৈকে জানিবলৈ সক্ষম হোৱা নাই। সন্দেহৰ ভিত্তিত যুৱকজনৰ তেজৰ নমুনা সংগ্ৰহ কৰিছিল চিকিৎসকে। পৰীক্ষাৰ অন্তত যুৱকজন ক’ৰোণা ভাইৰাছত আক্ৰান্ত বুলি প্ৰমাণিত হয়।
উল্লেখ্য যে ইতিমধ্যে চীনত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে ক’ৰোণা ভাইৰাছে। ক’ৰোণা ভাইৰাছত আক্ৰান্ত হৈ ইতিমধ্যে মৃত্যুমুখত পৰিছে ১৭০জন লোক।













