ASSAM TIMES POST
নিউজ ডেস্ক
অহা ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব দিল্লী বিধানসভাৰ নিৰ্বাচন৷ সেয়েহে এতিয়া নিৰ্বাচনী প্ৰচাৰ তুংগত৷ ইফালে অৰবিন্দ কেজৰিৱালক ৰুধিবলৈ উঠি-পৰি লাগিছে গেৰুৱা বাহিনী ৷ সম্প্ৰতি দিল্লীত ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, ক্ৰিকেট তাৰকা গৌতম গম্ভীৰৰ সৈতে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসো ৷ দিল্লীৰ প্ৰতাপগঞ্জ সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায় ৰণজিৎ দাসে।

উল্লেখ্য যে কেজৰিৱালক পৰাস্ত কৰিবলৈ সৰ্বশক্তি প্ৰয়োগ কৰিছে বিজেপিয়ে। দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, বিজেপিৰ সভাপতি জে পি নাড্ডাৰ লগতে বিজেপি শাসিত ৰাজ্যৰ প্ৰায় প্ৰতিজন মুখ্য মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ তথা শীৰ্ষস্থানীয় নেতাই।
ইতিমধ্যে দিল্লীত প্ৰচাৰ চলালে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ দিল্লীত পুনৰ প্ৰচাৰ চলাবলৈ যাব সৰ্বানন্দ সোণোৱাল ৷ প্ৰচাৰত নামিব নেডাৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মাইও ৷













