
অবিৰতভাৱে হৈ থকা প্ৰচণ্ড তুষাৰপাত (Havy Knowfall)ৰ ফলত বিপৰ্যস্ত হৈ পৰিছে ভূস্বৰ্গ। বৃহস্পতিবাৰৰ পিছত শুকুৰবাৰে পুৱাৰে পৰা পুনৰ জম্মু-কাশ্মীৰ (Kashmir)ৰ বৃহৎ অঞ্চলত বৰফ পৰা আৰম্ভ হয়। আনহাতে, বৰফ জমা হোৱাৰ বাবে জম্মু-শ্ৰীনগৰ (Jamu & Kashmir) ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ (National Highway closed) হৈ পৰিছে। প্ৰশাসনিক সূত্ৰ মতে, বানিহাল আৰু কাজিগুণ্ডৰ সমীপৱৰ্তী ৰাষ্ট্ৰীয় ঘাইপথত বৰফৰ ডাঠ তৰপৰ বাবে যাতায়াত বন্ধ কৰিবলগীয়া হৈছে।
কেইবাদিনো ধৰি ধাৰাবাহিকভাৱে বৰফ পৰাৰ ফলত বানিহালৰ পৰা ৰামবনলৈ যোৱা পথটোৰ কেইবাটাও স্থানত ভূমিস্খলন সংঘটিত হয়। জোজিলা পাছৰ হিমস্খলন আৰু ভূমিস্খলনৰ বাবেও বন্ধ হৈ পৰিছে শ্ৰীনগৰ-লাডাখ ৰাষ্ট্ৰীয় ঘাইপথ।

ইতিমধ্যে ৰাজৌৰী, ডোডা, ৱালেছা জিলাৰ বিস্তৃত অংশ বৰফেৰে আৱৰি ধৰিছে। অনন্তনাগৰো প্ৰায় একেই পৰিস্থিতি। সংবাদ সংস্থা এ এন আয়ে প্ৰকাশ কৰা অনুসৰি, বহু দিনৰ মূৰত পীৰ পাঞ্জাল ৰেঞ্জৰ ওখ অংশত বৰফ পৰিছে। নিম্নভূমি অঞ্চলত বৰষুণ দি আছে। বৰফ আৰু বৰষুণৰ বাবে কাশ্মীৰতো তাপমাত্ৰা যথেষ্ট হ্ৰাস পাইছে। শ্ৰীনগৰতো জমা হৈছে বৰফ।
জম্মু-কাশ্মীৰৰ সমান্তৰালকৈ হিমাচল প্ৰদেশৰ লাহুল আৰু স্পিতিতো প্ৰচণ্ড বৰফ পৰি আছে। এই দুটা অঞ্চলত হিমস্খলনৰ সতৰ্কবাণী দিছে আৰক্ষীয়ে।












