ASSAM TIMES POST
নিউজ ডেস্ক
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমদল চলি থকাৰ সময়তে এইবাৰ দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়াৰ বাহিৰত চলিল গুলী৷ আজি মহাত্মা গান্ধীৰ ৭২তম মৃত্যুবার্ষিকী। সেই উপলক্ষে ৰাজঘাটৰ দিশে সমদল কৰি গৈছিল জামিয়াৰ ছাত্ৰ-ছাত্ৰীসহ সাধাৰণ লোক। সেই সময়তেই এই সমদলক লক্ষ্য কৰি পিষ্টল টোঁৱাই এজন যুৱকে। ‘ইয়ে লো আজাদি’ বুলিয়েই আন্দোলনকাৰীক লক্ষ্য কৰি গুলী চলায় যুৱকজনে। ফলত চাদাব নামৰ জামিয়াৰ এজন ছাত্ৰ আহত হোৱা বুলি জানিব পৰা গৈছে। তেওঁৰ হাতত গুলী লাগে।
সমগ্ৰ ঘটনাক লৈ দিল্লী আৰক্ষীকেই জগৰীয়া কৰিছে আন্দোলনকাৰীসকলে। তেওঁলোকৰ অভিযোগ, সমদলক লৈ যাতে কোনো ধৰণৰ অশান্তি নহয় তাৰ বাবে পূৰ্বৰ পৰাই জামিয়াৰ বাহিৰত আৰক্ষী মোতায়েন কৰা হৈছিল। বিক্ষোভকাৰীসকলক বাধা দিবলৈ হোলি ফেমিলি হাস্পতালৰ সন্মুখত বেৰিকেডো বহুওৱা হয়। ফলত ৰাস্তাৰ ওপৰতেই বহি পৰে আন্দোলনকাৰীসকল। তেতিয়াই আৰক্ষীৰ নিৰাপত্তাক ভেঙুচালি কৰি পিষ্টল হাতত লৈ সমদলৰ একেবাৰে সন্মুখলৈ আহে অভিযুক্ত আৰু আন্দোলনকাৰীক লক্ষ্য কৰি গুলী চালনা কৰে৷

সেই সময়ত তেওঁক বাধা দিয়াৰ সলনি আৰক্ষীয়ে কার্যতঃ নীৰৱ দর্শকৰ ভূমিকা পালন কৰিছিল বুলি অভিযোগ কৰিছে আন্দোলনকাৰীসকলে। তেওঁলোকৰ দাবী, অভিযুক্ত সেই যুৱকৰ গুলীত এজন ছাত্ৰ আঘাত হোৱাৰ পিছত চৰম উত্তেজনাৰ সৃষ্টি হয়। আক্ৰমণকাৰীৰ ওপৰত আন্দোলনকাৰী জঁপিয়াই পৰি ধৰি পেলায়। তাৰ পিছতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰে জানিব পৰামতে, অভিযুক্ত যুৱকজনৰ নাম গোপাল। বয়স ৩১ বছৰ। কি উদ্দেশে তেওঁ সমদলত চামিল হৈছিল, মানসিক ভাৰসাম্যহীন নেকি, সেই বিষয়ে অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই৷













