ASSAM TIMES POST
বিশেষ প্ৰতিবেদক
বড়ো শান্তি চুক্তিৰ পিছত বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে অস্ত্ৰ সম্বৰণ কৰে এনডিএফবিৰ চাৰিটাকৈ সশস্ত্ৰ সংগঠনে। গুৱাহাটী মেডিকেল কলেজৰ প্ৰেক্ষাগৃহত আজি বড়ো সশস্ত্ৰ সংগঠনকেইটাই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত অস্ত্ৰ সম্বৰণ কৰে। অসম আৰক্ষীৰ বিশেষ শাখাই অনুষ্ঠিত কৰা অস্ত্ৰ সম্বৰণ কাৰ্যসূচীত উপস্থিত থাকে এনডিএফবিৰ সংগঠনকেইটাৰ নেতৃবৰ্গ ক্ৰমে ৰঞ্জন দৈমাৰী, বি ছাওৰাইগ্ৰা গৌড়া, ধীৰেন বড়ো, গোবিন্দ্ৰ বসুমতাৰী, বি ফেৰেংগা, বি বিদাইকে ধৰি ১৫৫০জন কেডাৰে মূলসুঁতিলৈ ঘূৰি আহি অস্ত্ৰ সম্বৰণ কৰে৷ মুখ্যমন্ত্ৰীৰ উপৰি বিটিচি প্ৰধান হাগ্ৰাম মহিলাৰী, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, ভাৰতীয় সেনাবাহিনীৰ উপস্থিতিত অস্ত্ৰ সম্বৰণ কৰে।

অস্ত্ৰ সম্বৰণ অনুষ্ঠানত উপস্থিত থাকি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই কয়, “অস্ত্ৰ সম্বৰণ কাৰ্যসূচী আয়োজন কৰিবলৈ পায় সুখী আৰু গৰ্বিত হৈছোঁ৷ ভাৰতবৰ্ষ সশস্ত্ৰ সংগ্ৰামৰ ইতিহাসত আজিৰ দিনটো এক গুৰুত্বপূৰ্ণ অধ্যায়৷”
আনহাতে, সংগঠনকেটাই জমা দিয়া সকলোবোৰ অস্ত্ৰই শক্তিশালী বুলি উল্লেখ কৰি মহন্তই আৰু কয়, “নতুন দিনবোৰত গণতান্ত্ৰিক পদ্ধতিৰে তেওঁলোকৰ মনৰ চিন্তাবোৰ প্ৰতিপন্ন কৰক৷”

কাৰ্যসূচীত উপস্থিত থাকি নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতা প্ৰমোদ বড়োৱে অসমত শান্তিৰ বাতাবৰণৰ এক নতুন দিগন্ত সূচনা কৰা বুলি উল্লেখ কৰি সকলোকে আহ্বান জনায়, “আজিৰ পৰা যাতে কোনেও বড়ো উগ্ৰপন্থী শব্দটো ব্যৱহাৰ নকৰে। কাৰণ আজিৰ দিনটো আমাৰ ঐতিহাসিক মুহূৰ্ত। আজিৰ পৰা আমাৰ সমাজত কোনো অবৈধ মাৰণাস্ত্ৰ নাথাকে । সকলো অস্ত্ৰধাৰী সংগঠনে আত্মসমৰ্পণ কৰিব৷” আলফাকো অস্ত্ৰ ত্যাগ কৰি মূলসুঁতি লৈ ঘূৰি আহিবলৈ তেওঁ আহ্বান জনায়।

উল্লেখ্য যে অস্ত্ৰ সম্বৰণ কাৰ্যসূচীত ১৭৮টা শক্তিশালী অস্ত্ৰ সংগঠনকেইটাই জমা দিয়ে। তাৰ ভিতৰত এ কে ছিৰিজৰ ৰাইফল আছে ৭০টাতকৈ অধিক। লগতে আছে এলএমজি, বহু সংখ্যক মেগজিন, গুলী-বাৰুদ৷ এই কথা জানিবলৈ দিয়ে ভাস্কৰ জ্যোতি মহন্তই।













