সোমবাৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম (Saroosjai Stadium)ত অনুষ্ঠিত হয় চাহ জনগোষ্ঠীৰ অন্যতম সংস্কৃতি ঝুমুৰ নৃত্য (Jhumur Dance)ৰ এক বিশাল প্ৰদৰ্শন (Huge display) ‘ঝুমইৰ বিনন্দিনী’।

এই অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi), অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা, অসম চৰকাৰৰ মন্ত্ৰী-বিধায়ক তথা এডভাণ্টেজ আছাম ২.০-ত অংশগ্ৰহণ কৰিবলৈ অহা কেইবাখনো দেশ বহুকেইগৰাকী ৰাষ্ট্ৰদূতৰ লগতে আন আন বিশিষ্ট ব্যক্তিসকল।

অনুষ্ঠানত প্ৰায় ৯ হাজাৰ চাহ জনগোষ্ঠীৰ নৃত্যশিল্পীয়ে ‘ঝুমইৰ বিনন্দিনী’ (Jhumoir Binondini) অনুষ্ঠান পৰিবেশন কৰে। ইয়াৰ পূৰ্বে নিৰ্ধাৰিত সময়তকৈ কিছু পলমকৈ সন্ধিয়া প্ৰায় ৬.২০ বজাত প্রধানমন্ত্রীয়ে বৰঝাৰত অৱতৰণ কৰে। তাৰ পৰা তেওঁ সৰুসজাই ষ্টেডিয়ামলৈ আহে। আনহাতে, প্রধানমন্ত্রী মোদীক সন্ধিয়া ৭ বজাত এখন বিশেষভাৱে সজ্জিত বাহনেৰে সৰুসজাই ষ্টেডিয়াম প্ৰদক্ষিণ কৰোৱা হয়। তেওঁৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে।

ইয়াৰ পিছত নিশা প্ৰায় ৭.৫০ বজাত প্ৰধানমন্ত্ৰীয়ে ডবা কোবাই ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানৰ আৰম্ভণি কৰে। এই অনুষ্ঠানৰ পিছত অসমৰ সংস্কৃতিক উজ্জীৱিত কৰি লেজাৰ শ্ব’ আৰু আতচবাজীও অনুষ্ঠিত হয়। দেশ-বিদেশৰ পৰা অহা তিনি শতাধিক নিমন্ত্রিত অতিথিয়ে এই অনুষ্ঠান উপভোগ কৰে।