ASSAM TIMES POST
নিউজ ডেস্ক
আজি এনডিএফবিৰ চাৰিওটা গোটে আনুষ্ঠানিকভাৱে অস্ত্ৰ সম্বৰণ কৰে। গুৱাহাটীৰ জিএমচিএইচ প্ৰেক্ষাগৃহত আয়োজিত এই অস্ত্ৰ সম্বৰণ অনুষ্ঠানত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত এনডিএফবিৰ ১৫৫০জন নেতা-কেডাৰে আনুষ্ঠানিকভাৱে অস্ত্ৰ সম্বৰণ কৰে। উক্ত অনুষ্ঠানত এনডিএফবিৰ কেডাৰসকলে জমা দিয়ে ১৩৭টা মাৰণাস্ত্ৰ।
অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ বিত্তমন্ত্ৰী, ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি বহু কেইগৰাকী মন্ত্ৰী-বিধায়কৰ লগতে অসম চৰকাৰৰ বিষয়াবৰ্গ। লগতে উপস্থিত থাকে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, এবছুৰ সভাপতি প্ৰমোদ বড়ো, এনডিএফবিৰ চাৰিওটা গোটৰ নেতা-কেডাৰসকল। বড়ো শান্তি চুক্তিৰ পিছত এই অস্ত্ৰ সম্বৰণে বিটিএডিত স্থায়ী শান্তি ঘূৰাই আনিব বুলি অনুষ্ঠানত সকলোৱে মত পোষণ কৰে।
বড়ো শান্তি চুক্তি কেৱল বড়োসকলৰ বাবে নহয়, সকলো জাতি–জনগোষ্ঠী উপকৃত হ’ব : হাগ্ৰামা মহিলাৰী
ইফালে অস্ত্ৰ সম্বৰণ অনুষ্ঠানত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয়– ‘এই চুক্তি কেৱল বড়োসকলৰ বাবে নহয়। বিটিচিত থকা সকলো জাতি–জনগোষ্ঠী উপকৃত হ’ব এই চুক্তিৰ দ্বাৰা। সকলোৰে সমানে উন্নতি হ’ব। এনডিএফবিৰ চাৰিওটা গোটৰ নেতা–কেডাৰক লৈ আমি একেলগে কাম কৰিব বিচাৰিছোঁ।’
‘আজিৰে পৰা আমাৰ মাজত একো বিভাজন নাথাকিব। শান্তি–সম্প্ৰীতিৰে সকলো জনগোষ্ঠীক লৈ আমি কাম কৰি যাম। এই ঐতিহাসিক চুক্তিৰ জৰিয়তে আমাৰ মাজলৈ শান্তি আহিব। বড়োসকলে বহু বছৰ ধৰি যি আশাৰে আন্দোলন কৰি আহিছিল সেয়া আমি এই চুক্তিৰ জৰিয়তে পূৰণ কৰিব পাৰিম। আমি দুখিত যে আমাৰ অঞ্চল বৃদ্ধি পাব বুলি ভাবিছিলোঁ যদিও নহ’ল৷ একো নাই৷’ –মন্তব্য হাগ্ৰামা মহিলাৰীৰ।
বিটিচি প্ৰধানগৰাকীয়ে এই চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত সকলো দল–সংগঠনৰ সহযোগিতা কামনা কৰে। এনডিএফবি নেতা–কেডাৰৰ বিৰুদ্ধে থকা গোচৰসমূহ প্ৰত্যাহাৰ হ’ব বুলিও আশা প্ৰকাশ কৰে বিটিচি প্ৰধানগৰাকীয়ে। বিএলটিৰ দৰে এনডিএফবিৰ গোচৰসমূহো প্ৰত্যাহাৰ হ’ব, হয়তো এইক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হ’ব পাৰে বুলি মন্তব্য কৰে মহিলাৰীয়ে।













