ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Assam Govt Jhumoir Binondia : ২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত চাহ জনগোষ্ঠীয়ে গঢ়িব অভিলেখ, মুখ্যমন্ত্ৰীৰ প্ৰস্তুতি পৰ্যালোচনা

নিউজ ডেস্কঃ

News Desk by News Desk
February 22, 2025
Reading Time: 1 min read
A A
0
Assam Govt Jhumoir Binondia : ২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত চাহ জনগোষ্ঠীয়ে গঢ়িব অভিলেখ, মুখ্যমন্ত্ৰীৰ প্ৰস্তুতি পৰ্যালোচনা

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

অহা ২৪ ফেব্ৰুৱাৰীত অসমে (Assam) আন এক মাইলৰ খুঁটিত উপনীত হ’বলৈ গৈ আছে। অসমৰ অন্যতম জনগোষ্ঠী তথা আদিবাসী চাহ জনগোষ্ঠী (Tribal Tea Tribe)ৰ অন্যতম সংস্কৃতি ঝুমুৰ নৃত্যই (ঝুমুৰ নৃত্য) বিশ্বৰ বুকুত ইতিহাস সৃষ্টি (Creating History) কৰিবলৈ আগবাঢ়িছে। প্ৰায় ৯ হাজাৰ চাহ জনজাতিৰ যুৱক-যুৱতীয়ে অংশগ্ৰহণ (9,000 tea tribe youth participate) কৰিবলগা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। লগতে কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীও উপস্থিত থাকিব। ইতিমধ্যে এই ৰেকৰ্ড সৃষ্টি কৰিবলগীয়া অনুষ্ঠানটোৰ বাবে দিনে-নিশাই প্ৰস্তুতি তথা আখৰা চলি আছে। আনহাতে, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ইয়াত অংশগ্ৰহণ কৰিবলগা ঝুমুৰ শিল্পীসকল আহি সৰুসজাই ষ্টেডিয়ামত উপস্থিত হৈ অন্তিম অনুশীলনত অংশগ্ৰহণ কৰিছে। ইফালে অসম চৰকাৰৰ প্ৰত্যক্ষ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া ‘ঝুমইৰ বিনন্দীয়া’ শীৰ্ষক অনুষ্ঠানটিৰ প্ৰস্তুতিৰ বুজ লয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

অনুশীলনৰ এটা ভিডিও সামাজিক মাধ্যমত আপলোড কৰি মুখ্যমন্ত্ৰীয়ে লিখিছে, “আৰু মাথোঁ দুটা দিনৰ অপেক্ষা৷ অহা ২৪ ফেব্ৰুৱাৰীত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গৌৰৱময় উপস্থিতিৰে গুৱাহাটীত সৰ্ববৃহৎ ঝুমইৰ নৃত্য প্ৰদৰ্শন কৰা হ’ব। ইয়াত আমাৰ চাহ বাগিচা সম্প্ৰদায়ৰ ৯ হাজাৰৰো অধিক শিল্পীয়ে অংশগ্ৰহণ কৰিব৷”

চাহ জনগোষ্ঠীৰ সংস্কৃতি আৰু অসমৰ সমাজ জীৱনলৈ অৱদানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লিখিছে, “অসমৰ চাহ বাগিচা আৰু আদিবাসী সমাজৰ এক অবিচ্ছেদ্য অংগ হ’ল ঝুমইৰ নামৰ লোকনৃত্য৷ ১৯ শতিকাত চাহ বাগিচা উদ্যোগৰ উত্থানৰ সময়ত অসমক আপোন ঘৰ কৰি লোৱা সকলো কঠোৰ পৰিশ্ৰমী পুৰুষ-মহিলা কামৰ পাছত আনন্দ আৰু মিলনৰ প্ৰকাশ হিচাপে ঝুমইৰৰ আৰম্ভণি ঘটিছিল।”

jumur 1 | ASSAM TIMES POST
২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত চাহ জনগোষ্ঠীয়ে গঢ়িব অভিলেখ, মুখ্যমন্ত্ৰীৰ প্ৰস্তুতি পৰ্যালোচনা

তেওঁ আৰু লিখিছে, “এসময়ত শ্ৰমিকৰ মনোৰঞ্জন বা কষ্ট লাঘৱৰ উপায়ৰ পৰা ঝুমইৰ এতিয়া আমাৰ চাহ বাগিচা সম্প্ৰদায়ৰ পৰিচয়ৰ এক মুখ্য কলা হিচাপে বিবেচিত হৈছে৷ সীতাপতি, হাছুলি, ঝুমকা, চন্ধৰ, পায়েৰী আদি পৰম্পৰাগত অলংকাৰ পৰিধান কৰি পুৰুষ-মহিলা উভয়ে এই সুন্দৰ নৃত্যভাগি পৰিৱেশন কৰে। ইয়াত সোণত সুৱগা চৰায় মাদল, ধমছা আৰু বাঁহী আদি বাদ্যৰ সুৰধ্বনিয়ে।”

আনহাতে, এই অনুষ্ঠান আয়োজনৰ উদ্দেশ্য সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, “আমাৰ বিনন্দীয়া সংস্কৃতিৰ অন্যতম ঝুমইৰ এনেদৰে প্ৰদৰ্শনৰ আমি কিয় আয়োজন কৰিছোঁ? কাৰণ দীৰ্ঘদিন ধৰি অসমৰ চাহ জনগোষ্ঠীয় ভাই-ভনীসকল দৰিদ্ৰতা আৰু অৱহেলাৰ মাজতে আবদ্ধ হৈ আছিল৷ প্ৰজন্মৰ পাছত প্ৰজন্মলৈ এক শোষণৰ বলি হৈ আছিল, উপযুক্ত মান্যতা পোৱা নাছিল তেওঁলোকৰ সংস্কৃতিয়েও৷ আমি ইয়াৰ পৰিৱৰ্তে তেওঁলোকৰ গৌৰৱময় সংস্কৃতিক আগতে দেখা নোপোৱা ধৰণে উদযাপন কৰিব বিচাৰোঁ।”

চাহ জনগোষ্ঠীৰ বাবে গ্ৰহণ কৰা উন্নয়নমূলক কাৰ্যসূচীৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “আমি কেৱল আমাৰ চাহ জনগোষ্ঠীৰ চহকী সংস্কৃতিক উদযাপন কৰিয়েই হাত সাবটি বহি থকা নাই৷ চাহ বাগিচা অঞ্চলত নতুন বিদ্যালয়, পথ নিৰ্মাণৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয় স্থাপন আৰু তেওঁলোকৰ যোগ্য ল’ৰা-ছোৱালীৰ নিযুক্তিলৈকে আমি কাম কৰি গৈছোঁ৷ আমি তেওঁলোকৰ পৰৱৰ্তী প্ৰজন্ম যাতে চিকিৎসক, অভিযন্তা আৰু চৰকাৰী চাকৰিয়াল হয়, তাৰ বাবে প্ৰতিটো খোজতে চিন্তা কৰিছোঁ, হাতে-কামে কৰাৰ প্ৰয়াস কৰিছোঁ৷”

মুখ্যমন্ত্ৰীৰ অসমবাসীলৈ আহ্বান, “আহক, ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাইত আমি সকলোৱে ঝুমইৰ প্ৰদৰ্শন উপভোগ কৰি ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰওঁ৷”

Tags: JhumoirBinondiaঝুমুৰনৃত্য
Share4Tweet3Send

Related Posts

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

by News Desk
June 10, 2026
50
ADVERTISEMENT
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
50
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
50
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত
Dima Hasao

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026
50
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx