
ইউ এছ টি এম (USTM)ৰ উপাচাৰ্য মহবুবুল হকক আটক (Vice-Chancellor Mahbubul Haque arrested)। শুকুৰবাৰে নিশা আৰক্ষী আৰু এছ টি এফ (STF)ৰ এটা দলে তেওঁক ঘোঁৰামাৰাস্থিত বাসগৃহৰ পৰা আটক কৰি পাণবজাৰ আৰক্ষী থানালৈ লৈ যায়। কিন্তু তেওঁক কি অভিযোগত আটক কৰা হৈছে সেই সন্দৰ্ভত আৰক্ষী নাইবা পৰিয়ালৰ লোকে মুখ খোলা নাই। সন্দেহ কৰা মতে শুকুৰবাৰে পাথাৰকান্দিৰ এখন স্কুলত ঘটা এক ঘটনাক কেন্দ্ৰ কৰি মহবুবুল হকক আটক কৰা হয়।
জানিব পৰা মতে, শুকুৰবাৰে পাথাৰকান্দিৰ চেন্ট্রেল পাব্লিক স্কুলৰ পৰীক্ষা কেন্দ্ৰত ই আৰ ডি নাম ফাউণ্ডেচন নামৰ মহবুবুল হককৰ অন্যতম স্বত্বাধিকাৰী থকা শিক্ষা প্ৰতিষ্ঠানখনৰ ২১৪ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। এই পৰীক্ষাৰ্থীসকলক পৰীক্ষা কেন্দ্ৰটোত বিশেষ সহায় আগবঢ়োৱাৰ উদ্দেশ্যে লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছিল মহবুবুল হকৰ বিৰুদ্ধে। অভিযোগ অনুসৰি, কিন্তু তাত তেওঁলোকে সেই সহায় লাভ নকৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এই ঘটনা সন্দৰ্ভত শ্রীভূমি আৰক্ষীয়ে ৫৪/২৫ নম্বৰত এটা গোচৰ ৰুজু কৰি মহবুবুল হকক আটক কৰে।

উল্লেখ্য, শ্ৰীভূমি জিলাৰ পাথাৰকান্দিৰ চেণ্ট্ৰেল পাব্লিক স্কুল খন মহবুবুল হকৰ মালিকানাধীন। তাত চি বি এছ চিৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হৈছিল। শুকুৰবাৰে আছিল পদাৰ্থ বিজ্ঞানৰ পৰীক্ষা। উক্ত পৰীক্ষাত কেন্দ্ৰটোত মহবুবুল হকৰ নিৰ্দেশত নিৰীক্ষকৰ দায়িত্বত থকা কিছু শিক্ষকে অসৎ উপায়েৰে ছাত্ৰ-ছাত্ৰীক প্ৰশ্নৰ উত্তৰ প্ৰদান কৰাৰ অভিযোগ উঠে। তাৰ পিছতে পৰীক্ষা চলি থকা অৱস্থাতে পৰীক্ষা কেন্দ্ৰটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ইফালে
ঘটনাৰ বুজ ল’বলৈ পৰীক্ষা কেন্দ্ৰটোত উপস্থিত হোৱা আৰক্ষী আৰু জিলা প্ৰশাসনক এই বিষয়ে ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ উত্থাপন কৰাৰ পৰিপ্ৰেক্ষিতত মহবুবুল হকক শুকুৰবাৰে মাজনিশা গুৱাহাটীৰ বাসগৃহৰ পৰা আৰক্ষীয়ে আটক কৰে। ইয়াৰ উপৰি নুমান আহমেদ, ইমদাদুৰ ৰহমান, ৰেজ্জাক আলী, বিজয় দত্ত আৰু হীৰামণি শইকীয়া নামৰ পাঁচগৰাকী শিক্ষক-শিক্ষয়িত্ৰীকো পাথাৰকান্দি আৰক্ষীয়ে আটক কৰে।
অৱশ্যে এই মুহূৰ্তলৈকে ঘটনাৰ প্ৰকৃত সত্য জানিব পৰা হোৱা নাই।













