
কেন্দ্ৰীয় আবকাৰী আৰু জি এছ টিৰ অতিৰিক্ত আয়ুক্ত, তেওঁৰ মাতৃ আৰু ভগ্নীৰ মৃতদেহ (Deadbody) ঘৰৰ পৰা উদ্ধাৰ হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীৰ প্ৰাৰম্ভিক ধাৰণা অনুসৰি কেৰালাৰ কোচিত তিনিওজনে আত্মহত্যা কৰে।

আমোলা মনীষ বিজয়ৰ পৰিচাৰকগৰাকী চাৰিদিন ধৰি ছুটীত আছিল। তাৰ পিছত তেওঁ উভতি আহি ঘৰটোৰ পৰা দুৰ্গন্ধ পায়। লগে লগে আৰক্ষীক খবৰ দিয়াত আৰক্ষী আহি মৃতদেহকেইটা উদ্ধাৰ কৰে।
ঘৰৰ দুটা পৃথক কোঠাত চিপ লৈ থকা অৱস্থাত মনীষ আৰু তেওঁৰ ভগ্নী শালীনীক উদ্ধাৰ কৰে। আনহাতে বিছনাত মৃত অৱস্থাত পৰি আছিল তেওঁলোকৰ মাতৃ শকুন্তলা।
আৰক্ষীয়ে ঘৰৰ ভিতৰলৈ সোমাই গৈ প্ৰত্যক্ষ কৰে যে তেওঁৰ মৃতদেহ বগা কাপোৰেৰে মেৰিয়াই থোৱা আছে আৰু বিছনাত ফুল ছটিয়াই থোৱা আছে। সন্দেহ কৰা হৈছে যে মাতৃ শকুন্তলা দেৱীৰ প্ৰথমতে মৃত্যু হ’ব পাৰে বা প্ৰথমে হত্যা কৰা হ’ব পাৰে। তাৰ পিছত ভাতৃ-ভনী দুয়োগৰাকীয়ে আত্মহত্যা কৰে।
কোচিৰ আৰক্ষী আয়ুক্ত পুত্ত বিমলাদিত্যই সংবাদ মাধ্যমৰ আগত কয়, “মৃতদেহকেইটা কেইবা দিনো পুৰণি আৰু পচিবলৈ আৰম্ভ কৰিছে। ফৰেনছিক পৰীক্ষাৰ পিছতহে আমি ক’ব পাৰিম যে তেওঁলোকৰ কেতিয়া মৃত্যু হৈছিল।”
ইফালে আমোলাজনৰ ঘৰৰ এটা কোঠাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এখন ডায়েৰী। তাত লিখা আছে, তেওঁলোকৰ বহিঃৰাজ্যত বাস কৰা ভগ্নীক তেওঁলোকৰ মৃত্যুৰ বিষয়ে অৱগত কৰা উচিত।
নিহত পৰিয়ালটো মূলতঃ ঝাৰখণ্ডৰ। অৱশ্যে পূৰ্বতে কেৰালাৰ এৰ্নাকুলাম জিলাৰ কক্কানাড়ৰ শুল্ক বিভাগৰ কোৱাৰ্টাৰত বাস কৰিছিল। তাৰ পিছত ডেৰ বছৰ পূৰ্বে কোচিলৈ স্থানান্তৰিত হয়। ইয়াৰ পূৰ্বে মনীষে কোজিকোড বিমানবন্দৰত শুল্ক বিষয়া হিচাপে কাম কৰিছিল। কেইমাহমানৰ পূৰ্বে মণীষ বিজয়ে মাতৃ আৰু ভগ্নীৰ সৈতে থাকিবলৈ আৰম্ভ কৰিছিল। আৰক্ষীৰ তথ্য অনুসৰি, শালিনীয়ে ঝাৰখণ্ডত আইনী গোচৰৰ কাম কৰি আছিল। যাৰ বাবে মনীষে কামৰ পৰা ছুটী লৈছিল।
২০০৬ চনৰ ঝাৰখণ্ড লোকসেৱা আয়োগৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰি শালিনীয়ে উপ আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰে। কিন্তু পিছত তেওঁৰ পদমৰ্যাদাক লৈ প্ৰত্যাহ্বানৰ সম্মুখীন হয় আৰু তেওঁক পদৰ পৰা অপসাৰণ কৰা হয়।
২০২৪ চনত এই গোচৰৰ চি বি আইৰ তদন্তৰ ফলত চাৰ্জশ্বীট দাখিল কৰা হয় আৰু বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। তেওঁলোকৰ আনগৰাকী ভগ্নী বহিঃৰাজ্যৰ পৰা অহাৰ পিছত আৰম্ভ হ’ব মৰণোত্তৰ পৰীক্ষা। ইতিমধ্যে অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰা হৈছে আৰু অধিক তদন্ত অব্যাহত থকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।










