ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Orangutan smuggling : ওড়িশাৰ জংঘললৈ ক’ৰ পৰা আহিছিল পাঁচটা ওৰাংওটাং, দীঘাত আটক ৩

নিউজ ডেস্কঃ

News Desk by News Desk
September 12, 2026
Reading Time: 1 min read
A A
0
Orangutans smuggling : ওড়িশাৰ হাবিত ৫ ওৰাংওটান উদ্ধাৰ, সৰবৰাহৰ চক্ৰ জড়িত থকাৰ সন্দেহ

RELATED POSTS

JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত

ED Karnataka raid : কৰ্ণাটকৰ মন্ত্ৰীৰ ২১টা ঠিকনাত ইডিৰ তালাচীত ৩ কোটি উদ্ধাৰ, উদ্দেশ্যপ্ৰণোদিত আখ্যা মন্তব্য কংগ্ৰেছৰ

India China flight : ৬ বছৰৰ পাছত পুনৰ আৰম্ভ হ’ব দিল্লী-গুৱাংঝু বিমান সেৱা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ ঠিক পূৰ্বে ঘোষণা চীনা এয়াৰলাইনছৰ

ওড়িশাৰ বালাছ’ৰৰ অৰণ্যৰ পৰা পাঁচটা ওৰাংওটাং উদ্ধাৰ ঘটনাত আহিছে এক নতুন টুইষ্ট। ওড়িশা আৰক্ষীয়ে তদন্ত কৰি থকা অৱস্থাত পশ্চিমবংগৰ পূব মেদিনীপুৰ জিলাৰ দীঘাৰ পৰা তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকক সোধা-পোছা কৰা হৈছে । এই কামত ওড়িশা আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চক পূব মেদিনীপুৰ জিলা আৰক্ষীয়ে সহযোগিতা আগবঢ়াইছে।

যোৱা মঙলবাৰে বালাছ’ৰৰ ভোগৰাই অঞ্চলৰ বাৰাপাই গাঁৱৰ গাতে লাগি থকা বনাঞ্চলৰ পৰা উদ্ধাৰ কৰা হয় ওৰাংওটাংকেইটা। ভাৰতত এই প্ৰাণীবোৰ বিৰল। ওৰাংওটাং প্ৰধানকৈ ইণ্ডোনেছিয়া আৰু মালয়েছিয়াৰ অৰণ্যত বাস কৰে। বৰ্তমান জলবায়ু পৰিৱৰ্তন আৰু চোৰাং চিকাৰীৰ বাবে ইহঁতৰ সংখ্যা হ্ৰাস পাইছে। এতিয়া কেৱল বৰ্নিও আৰু সুমাত্ৰাৰ অৰণ্যতহে ওৰাংওটাং পোৱা যায়। অনুমান কৰা হৈছে যে এই পাঁচটা ওৰাংওটাং তাৰ পৰাই চোৰাং সৰবৰাহকাৰীৰ হাতত পৰি ওড়িশাৰ অৰণ্যত উপস্থিত হৈছিল।

ওড়িশাৰ জংঘললৈ ক’ৰ পৰা আহিছিল পাঁচটা ওৰাংওটাং, দীঘাত আটক ৩

কাৰণ মানুহৰ হস্তক্ষেপ অবিহনে সেয়া সম্ভৱ নহয়। বালাছ’ৰৰ বনাঞ্চলৰ আশে-পাশে থকা অঞ্চলৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি এখন ক’লা ৰঙৰ গাড়ী চিনাক্ত কৰিছে আৰক্ষীয়ে। ওৰাংওটাং উদ্ধাৰৰ আগদিনা নিশা গাড়ীখন অৰণ্যৰ ফালে গৈছিল। ১৫ মিনিট পিছত আকৌ গুচি যায়। বাহনখনৰ সূত্ৰৰ আঁত ধৰি ওড়িশা আৰক্ষীয়ে দীঘা গৈ পায়। সূত্ৰৰ পৰা জানিব পৰা মতে, ওড়িশা এছটিএফৰ সদস্যসকলে এখন নিৰ্দিষ্ট বাহনৰ সন্ধানত দীঘালৈ গৈছিল। নতুন দীঘাৰ কিছুমান হোটেল পৰিদৰ্শন কৰে। চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি হোটেল কৰ্তৃপক্ষৰ সৈতে কথা পাতি এখন হোটেলৰ পৰা তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হয়। অৱশ্যে তদন্তৰ স্বাৰ্থত তেওঁলোকৰ নাম আৰু পৰিচয় প্ৰকাশ কৰা হোৱা নাই।

তদন্তকাৰীয়ে তেওঁলোকক সোধা-পোছা কৰি ওৰাংওটাং সৰবৰাহৰ চক্ৰৰ শিপাৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছে। ওড়িশা আৰক্ষীৰ ভাৰপ্ৰাপ্ত ডিজি বিনয় তোছ মিশ্ৰই সংবাদ সংস্থা পিটিআইক জনোৱা মতে, “ওড়িশা বন বিভাগৰ বন সংৰক্ষকৰ (পিচিচিএফ) আবেদনত অপৰাধ দমন শাখাৰ বিশেষ টাস্ক ফ’ৰ্চে শুকুৰবাৰে এটা গোচৰ ৰুজু কৰে। এছটিএফৰ এটা বন্যপ্ৰাণী শাখা আছে। তেওঁলোকে এনে কাণ্ডৰ ওপৰত চকু ৰাখে। তদন্ত আৰম্ভ কৰা হৈছে।” বিনয়ে লগতে কয় যে ওড়িশা আৰক্ষীৰ এই নিৰ্দিষ্ট শাখাটোৰ বন্যপ্ৰাণী সৰবৰাহৰ সৈতে জড়িত গোচৰত ১০০ শতাংশ সফলতাৰ অভিলেখ আছে। পূব মেদিনীপুৰৰ আৰক্ষী অধীক্ষক অংশুমান সাহাই কয় যে ওড়িশাৰ তদন্তকাৰীক সকলো ধৰণৰ সাহায্য প্রদান কৰা হৈছে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Orangutansmuggling
Share4Tweet3Send

Related Posts

JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত
National-International

JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত

by News Desk
September 12, 2026
50
ED Karnataka raid : কৰ্ণাটকৰ মন্ত্ৰীৰ ২১টা ঠিকনাত ইডিৰ তালাচীত ৩ কোটি উদ্ধাৰ, উদ্দেশ্যপ্ৰণোদিত আখ্যা মন্তব্য কংগ্ৰেছৰ
National-International

ED Karnataka raid : কৰ্ণাটকৰ মন্ত্ৰীৰ ২১টা ঠিকনাত ইডিৰ তালাচীত ৩ কোটি উদ্ধাৰ, উদ্দেশ্যপ্ৰণোদিত আখ্যা মন্তব্য কংগ্ৰেছৰ

by News Desk
September 12, 2026
50
India China flight : ৬ বছৰৰ পাছত পুনৰ আৰম্ভ হ’ব দিল্লী-গুৱাংঝু বিমান সেৱা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ ঠিক পূৰ্বে ঘোষণা চীনা এয়াৰলাইনছৰ
National-International

India China flight : ৬ বছৰৰ পাছত পুনৰ আৰম্ভ হ’ব দিল্লী-গুৱাংঝু বিমান সেৱা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ ঠিক পূৰ্বে ঘোষণা চীনা এয়াৰলাইনছৰ

by News Desk
September 12, 2026
50
BRICS India 2026 : দিল্লীত ব্ৰিকছ সন্মিলনৰ বিৰুদ্ধে খালিস্তানী সংগঠনৰ প্ৰচাৰ, গ্ৰেপ্তাৰ ৩
National-International

BRICS India 2026 : দিল্লীত ব্ৰিকছ সন্মিলনৰ বিৰুদ্ধে খালিস্তানী সংগঠনৰ প্ৰচাৰ, গ্ৰেপ্তাৰ ৩

by News Desk
September 12, 2026
50
Modi Putin talks : মোদী-পুটিনৰ বৈঠকত শক্তিৰ বিষয়ে আলোচনা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ পূৰ্বে ট্ৰাম্পলৈ বাৰ্তা
National-International

Modi Putin talks : মোদী-পুটিনৰ বৈঠকত শক্তিৰ বিষয়ে আলোচনা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ পূৰ্বে ট্ৰাম্পলৈ বাৰ্তা

by News Desk
September 12, 2026
50
US Iran war : যদি সাহস আছে সেনাবাহিনীৰ লগত যুঁজ দিয়ক, সাধাৰণ নাগৰিকক হত্যা নকৰিব: ভাৰতৰ পৰা শত্ৰুক প্ৰত্যাহ্বান ইৰাণৰ ৰাষ্ট্ৰপতিৰ
National-International

US Iran war : যদি সাহস আছে সেনাবাহিনীৰ লগত যুঁজ দিয়ক, সাধাৰণ নাগৰিকক হত্যা নকৰিব: ভাৰতৰ পৰা শত্ৰুক প্ৰত্যাহ্বান ইৰাণৰ ৰাষ্ট্ৰপতিৰ

by News Desk
September 12, 2026
50
ADVERTISEMENT
Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে
Assam

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

September 12, 2026
50
Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ
Assam

Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

September 12, 2026
50
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪
NORTHEAST

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

September 12, 2026
50
JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত
National-International

JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত

September 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

September 12, 2026
Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

September 12, 2026
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

September 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d