ASSAM TIMES POST
নিউজ ডেস্ক
নাগৰিকত্ব সংশোধনী আইন (চিএএ)আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি)ৰ প্রতিবাদত আহ্বান জনোৱা স্থানীয় বন্ধক কেন্দ্র কৰি কার্যত ৰণক্ষেত্রত পৰিণত হ’ল পশ্চিমবংগৰ মুর্শিদাবাদৰ জলঙ্গি। তৃণমূল আৰু বন্ধ সমর্থনকাৰীসকলৰ সংঘর্ষত গুলীবিদ্ধ হৈ বুধবাৰে মৃত্যু হয় দুজনৰ। অভিযোগ, শাসকীয় দলৰ স্থানীয় নেতৃত্বৰ উপস্থিতিতে বন্ধ সমর্থনকাৰীসকলৰ ওপৰত গুলী চলায় কিছু দুষ্কৃতিকাৰীয়ে। ফলত দুজনৰ থিতাতে মৃত্যু হোৱাৰ লগতে আৰু কেইবাজনো গুলীবিদ্ধ হৈ হাস্পতালত ভর্তি হোৱা বুলি দাবী কৰে স্থানীয় বাসিন্দাসকলে। অৱশ্যে এই ঘটনাৰ সৈতে তৃণমূলৰ কোনো সম্পৰ্ক নাই বুলি দাবী কৰা হৈছে।
প্রাথমিকভাৱে জানিব পৰামতে, ‘নৱজাগৰণ’ নামৰ এটি অৰাজনৈতিক সংগঠনে আজি জলঙ্গি থানা এলেকাৰ চাহেবনগৰত চিএএ বাতিলৰ দাবীতে আৰু এনআৰচি-ৰ বিৰুদ্ধে বন্ধৰ আহ্বান জনাইছ্ল৷ স্থানীয় বাসিন্দাসকলৰ একাংশৰ দাবী, এই সংগঠনত বিভিন্ন ৰাজনৈতিক দলৰ কর্মী থাকিলেও তেওঁলোকে মূলতঃ অৰাজনৈতিক এটি আন্দোলন সৃষ্টিৰ চেষ্টা কৰিছিল।
নুৰ ইছলাম নামৰ এক প্রত্যক্ষদর্শীৰ দাবী, আজি পুৱা ৭টাৰ পৰা চাহেবনগৰ বজাৰত অৱস্থান ধৰ্মঘটত বহিছিল বন্ধ সমর্থনকাৰাসকল। তেওঁৰ অভিযোগ, ৮.৩০ বজাত তিনি-চাৰিখন গাড়ী আহি ৰয় বজাৰৰ সন্মুখত। সেই গাড়ীকেইখনতে আছিল তৃণমূলৰ স্থানীয় নেতা আৰু কর্মীসকল।













