ASSAM TIMES POST
বিশেষ প্ৰতিবেদন
এগৰাকী মহিলাই শাৰীৰে ফাঁচি লগাইছিল নিজৰ ডিঙিত। ইয়াৰ পিছত লাহে লাহে এখন টুলৰ ওপৰত উঠি শাৰীৰ আনটো মূৰ বান্ধিছিল চিলিং ফেনত। ইয়াৰ পিছত টানি পৰীক্ষা কৰে গাঁঠি মজবুত হৈছেনে নাই। আৰু সমগ্ৰ ঘটনা ফেচবুকত লাইভ। লাইভ প্ৰত্যক্ষ কৰে কলকাতা আৰক্ষীৰ এগৰাকী বিষয়াই। তেওঁ জানে মহিলাগৰাকী ক’ত আছে। লগে লগে তেওঁ এটা ফোন কৰে। কিন্তু ফোন ধৰা নাছিল কোনোৱে। হাত কঁপিছিল বিষয়াগৰাকীৰ। শেষত যেনিবা ফোনত পালে।
সেই মুহূৰ্তত ডিঙিত ফাঁচি লগোৱাৰ প্রস্তুতি শেষ পৰ্যায়ত। অধৈর্য হৈ কলকাতা আৰক্ষীৰ বিষয়াগৰাকীয়ে ফোন কৰে অন্য প্রান্তত। মিনিটে মিনিটে জনায় ‘আপডেট’। তাৰ মাজতেই হঠাৎ বিষয়াজনে প্ৰত্যক্ষ কৰে, মহিলাগৰাকীয়ে ফাঁচি লগাই ওলমি পৰিছে! ভৰিৰ তলৰ পৰা পৰি গৈছিল টুলখন। কলকাতা আৰক্ষীৰ এই বিষয়াগৰাকীয়ে চকু বন্ধ কৰি দিয়ে এই ভাবি যে, সকলো চেষ্টা বৃথা হ’ল! কিন্তু নাটকীয়ভাৱে সেই মূহূর্তেই দৰ্জা ভাঙি মহিলাগৰাকীৰ ঘৰত প্ৰৱেশ কৰে আৰক্ষী। ফাঁচিমুক্ত কৰি নমাই অনা হয় তেওঁক। পিছত বিষয়াগৰাকীয়ে জানিব পাৰে, মহিলাগৰাকীৰ প্ৰাণ ৰক্ষা পৰে।
মঙলবাৰে নিশা ১২.৩০ৰ পৰা ১টা পর্যন্ত এনে ধৰণৰেই ৰুদ্ধশ্বাস অপাৰেচন চলাই ১ হাজাৰ কিলোমিটাৰ দূৰৈত গুৱাহাটীত এগৰাকী মহিলাৰ প্রাণ ৰক্ষা কৰে কলকাতা আৰক্ষীয়ে। প্রায় অবিশ্বাস্য হ’লেও, কলকাতা আৰক্ষীৰ চাইবাৰ অপৰাধ দমন শাখাৰ বিষয়াগৰাকীৰ তৎপৰতাত কার্যত মৃত্যুৰ মুখৰ পৰা ঘূৰাই আনিবলৈ সম্ভৱ হৈছে মহিলাগৰাকীক।
কলকাতা আৰক্ষীৰ সূত্র অনুযায়ী, মঙলবাৰে নিশা ফেচবুকৰ তৰফৰ পৰা এটি ই-মেইল লাভ কৰে কলকাতা আৰক্ষীৰ বিষয়াই। সেই মেইলত জানোৱা হয়, কেই মিনিটমান পূৰ্বে এগৰাকী মহিলাই তেওঁৰ প্ৰ’ফাইলৰ পৰা লাইভ কৰিছে আৰু তাত তেওঁ কৈছে যে, তেওঁ আত্মহত্যা কৰিবলৈ আগবাঢ়িছে। ফেচবুক কর্তৃপক্ষৰ দৃষ্টিগোচৰ হয় বিষয়টি আৰু লগে লগে বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি তেওঁলোকে পূব ভাৰতৰ আইন-শৃঙ্খলা বাহিনী হিচাবে কলকাতা আৰক্ষীক যোগাযোগ কৰে।
কলকাতা আৰক্ষীৰ এগৰাকী বিষয়াই বুধবাৰে কয়,‘‘আমি ফেচবুকে দিয়া তথ্য অনুসন্ধান কৰিবলৈ গৈ দেখো এই প্ৰ’ফাইলটো এই ৰাজ্যৰ কাৰো নহয়।প্ৰ’ফাইলৰ গৰাকী গুৱাহাটীৰ এগৰাকী বাসিন্দা আৰু ইণ্টাৰনেট প্ৰ’টোকল এড্রেছ (আইপি)-ৰ সূত্রৰ আঁতধৰি জনা যায়, মহিলাগৰাকী সেই সময়ত গুৱাহাটীতেই আছে।”
কলকাতা আৰক্ষীৰ সূত্রমতে, মহিলাগৰাকীৰ ‘লোকেচন’ নির্দিষ্ট কৰাৰ লগে লগে কলকাতা আৰক্ষীৰ তৰফৰ পৰা মহিলাগৰাকীৰ খুঁটি-নাটি তথ্য জানি যোগাযোগ কৰা হয় গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ সৈতে। কলকাতা আৰক্ষীয়ে দিয়া তথ্যৰ পৰা জনা যায় যে, সেই মহিলাগৰাকী গুৱাহাটীৰ কেপিটেল কমপ্লেক্স নামৰ এটি অভিজাত আবাসনৰ বাসিন্দা। ঠাই টুকুৰা গুৱাহাটী কমিছনাৰেটৰ চাংসাৰি থানা এলেকাৰ অন্তর্ভুক্ত।
কলকাতা আৰক্ষীৰ পৰা পোৱা এই তথ্য-সূত্র ধৰি কেইটামান মিনিটৰ ভিতৰতে মহিলাগৰাকীৰ ফ্লেটত হাজিৰ হয় চাংসাৰি থানাৰ আৰক্ষী। জানিব পৰামতে, সেই সময়ত মহিলাগৰাকী ঘৰত অকলে আছিল। তেওঁক আৰক্ষীয়ে উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যায়।
অৱশ্যে কলকাতা আৰক্ষীৰ অভিযোগ, বহু পলমকৈ সক্রিয় হৈছিল গুৱাহাটী আৰক্ষী। সেইটো নহ’লে বহু সময় পূৰ্বেই মহিলাগৰাকীক বচাব পৰা গ’লহেঁতেন। আৰক্ষী সূত্রমতে, আৰু কেইটামান মিনিট পলম হ’লেই মহিলাগৰাকীক বচাব পৰা নগ’লহেঁতেন। হাস্পতালত ভর্তি কৰোৱাৰ পিছত আৰক্ষীয়ে খবৰ দিয়ে মহিলাগৰাকীৰ স্বামীক। জানিব পৰামতে, মহিলাগৰাকী কেইবা মাহ ধৰি মানসিক অৱসাদত ভুগি আছিল।













