ASSAM TIMES POST
নিউজ ডেস্ক
নীতিশ কুমাৰ আৰু তেওঁৰ দলৰ সৈতে প্রশান্ত কিশোৰৰ মতানৈক্য চলি আহিছিল বহু দিন ধৰি। অৱশেষত বুধবাৰে দলৰ পৰা প্ৰশান্ত কিশোৰক বহিষ্কাৰ কৰি সেই মতানৈক্যত ইতি পেলালে নীতিশ কুমাৰে। মঙলবাৰেই দলীয় বৈঠকত জেডিইউ-ৰ উপ-সভাপতি প্রশান্ত সম্পর্কে নীতিশ কুমাৰে কৈছিল, ‘‘তেওঁ দলত নাথাকিলেও কোনো সমস্যা নাই।’’ তাৰ ঠিক কেইটামান ঘণ্টাৰ ভিতৰতেই দলৰ পৰা আঁতৰাই পেলোৱা হ’ল প্রশান্ত কিশোৰক। উল্লেখ্য যে ২০১৮ৰ পৰাই জেডিইউ-ৰ উপ-সভাপতি পদত আছিল প্ৰশান্ত কিশোৰ।
ইফালে প্ৰশান্ত কিশোৰক বহিষ্কাৰৰ পিছত টুইট কৰি নীতিশ কুমাৰক ধন্যবাদ জনায় প্রশান্ত কিশোৰে। তেওঁ লিখিছে, “ধন্যবাদ নীতিশ কুমাৰ। বিহাৰৰ মুখ্য মন্ত্রীৰ পদ ধৰি ৰখাৰ বাবে আপোনাক শুভেচ্ছা জনালোঁ। আপোনাৰ মঙ্গল কামনা কৰিলোঁ।”
আনহাতে, বুধবাৰে পুৱাতেই প্রশান্ত কিশোৰক আক্রমণ কৰি জেডিইউ নেতা অজয় অলোকে কয়, ‘‘তেওঁক বিশ্বাস কৰিব পৰা নাযায়।’’ ইয়াতেই ক্ষান্ত নাথাকে অজয়। তেওঁ লগতে কয়, “মোডীজিৰ বিশ্বাস অর্জন কৰিব পৰা নাই প্রশান্তই। আনকি নীতিশজিৰো নহয়। এফালে কাম কৰিছে আপৰ বাবে, অন্য দিশে কথা আগবঢ়াইছে ৰাহুল গান্ধীৰ সৈতে। এইবাৰ বৈঠকত মিলিত হৈছে মমতা দিদিৰ সৈতে। তেওঁক কি বিশ্বাস কৰিব?”
উল্লেখ্য যে সংসদৰ দুই সদনতে সংশোধিত নাগৰিকত্ব আইনক (চিএএ) সমর্থন কৰিছিল জেডিইউ-এ। কিন্তু প্রশান্ত কিশোৰে ঠিক ওলোটা পথেৰে চিএএ-ক লৈ নিৰন্তৰ বিজেপিৰ বিৰুদ্ধে কথা কৈ গৈছিল। চিএএ-ক লৈ দলে যি অৱস্থান লৈ আগবাঢ়িছে, প্রশান্ত কিশোৰে কিয় তাৰ ওলোটা দিশে গৈছে তাকে লৈ দলৰ ভিতৰচ’ৰাত এক ক্ষোভৰ সৃষ্টি হৈছিল। ফলত ক্রমশঃ অস্বস্তি বাঢ়িছিল নীতিশ কুমাৰৰ।
আনহাতে, অমিত শ্বাহৰ অনুৰোধত প্রশান্ত কুমাৰক দললৈ অনা বুলি নীতিশ কুমাৰে কোৱা কথাৰ উত্তৰত প্রশান্ত কিশোৰে টুইট কৰে, ‘‘মোক আপুনি কিয় আৰু কেনেকৈ জেডিইউ-লৈ আনিছিল, তাক লৈ মিছা কথা কৈ কিমান তললৈ নামিল। মোক আপোনাৰ দৰে কৰি দেখুওৱাৰ এয়া এক দুর্বল চেষ্টা!’’ প্রশান্ত কুমাৰে লগতে জনায়, বিহাৰলৈ আহিয়েই নীতিশ কুমাৰৰ কথাৰ উত্তৰ দিব তেওঁ। কিন্তু তাৰ পূৰ্বেই দলৰ পৰা বহিষ্কাৰ কৰি প্রশান্ত কিশোৰক ওলোটা উত্তৰ দিলে নীতিশ কুমাৰে, এনেকুৱাই অনুভৱ কৰিছে ৰাজনৈতিক মহলে।













