মহাৰাষ্ট্ৰৰ এন ডি এ চৰকাৰে (NDA government in Maharashtra) ‘লাভ জেহাদ’ৰ বিৰুদ্ধে (Against ‘Love Jihad’) আইন (Law) আনিবলৈ ওলাইছে। কিন্তু এন ডি এৰ অংশীদাৰ দলেই মহাৰাষ্ট্ৰ চৰকাৰৰ এই ‘লাভ জেহাদ’ৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে। কেন্দ্ৰীয় সামাজিক ন্যায় মন্ত্ৰী তথা মহাৰাষ্ট্ৰকেন্দ্ৰিক ভাৰতীয় ৰিপাব্লিকান পাৰ্টী (এ)ৰ মুৰব্বী ৰামদাস আথাৱালে দেওবাৰে কয় যে বেলেগ ধৰ্মত হোৱা বিবাহক ‘লাভ জেহাদ’ বুলি ক’ব নোৱাৰি। এনে পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিষয়টোও উত্থাপন কৰে আথাৱালে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে সকলোকে সমান চকুৰে চায় আৰু সকলোৰে উন্নয়নৰ বাবে কাম কৰে।
উল্লেখ্য যে শুকুৰবাৰে মহাৰাষ্ট্ৰ চৰকাৰে লাভ জেহাদৰ বিৰুদ্ধে ৭ জনীয়া এখন কমিটী গঠন কৰে। কমিটীৰ নেতৃত্বত আছে মহাৰাষ্ট্ৰ আৰক্ষীৰ ডি জি ৰশ্মী শুক্লা। বাকী ছয়জন সদস্যৰ ভিতৰত আছে মহিলা আৰু শিশু কল্যাণ বিভাগ, সংখ্যালঘু উন্নয়ন বিভাগ, আইন আৰু ন্যায় বিভাগ, গৃহ পৰিক্ৰমা বিভাগ, বিশেষ সহযোগিতা বিভাগ আৰু সামাজিক ন্যায় বিভাগৰ প্ৰতিনিধি। চৰকাৰী অধিসূচনাত ‘লাভ জেহাদ’ বাক্যাংশ ব্যৱহাৰ কৰা হৈছে যদিও ইয়াৰ ব্যাখ্যা দিয়া হোৱা নাই।

মহাৰাষ্ট্ৰ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি আথাৱালে কয়, “ভিন্ন ধৰ্মৰ কোনোবাক বিয়া কৰালে তাক লাভ জেহাদ বুলি কোৱাটো ভুল।” একে সময়তে মন্ত্ৰীগৰাকীয়ে কয় যে ধৰ্মান্তৰকৰণ ৰোধৰ বাবে পদক্ষেপ ল’ব লাগে। আথাৱালে কয় যে এনেদৰে পদক্ষেপ ল’ব লাগে যাতে সামাজিক আৰু ধৰ্মীয় সমন্বয় বজাই ৰখা হয়।
উল্লেখ্য, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছে পূৰ্বতে কৈছিল যে তেওঁৰ চৰকাৰে বলপূৰ্বক ধৰ্মান্তৰকৰণ বন্ধ কৰিবলৈ কঠোৰ আইন প্ৰৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে। বিশেষকৈ তেওঁ আন ধৰ্মৰ লগত বিবাহপাশত আবদ্ধ হৈ ধৰ্মান্তৰকৰণ বন্ধ কৰিবলৈ তেওঁৰ চৰকাৰৰ চিন্তাধাৰাৰ বিষয়ে অৱগত কৰে। ইতিমধ্যে উত্তৰ প্ৰদেশ আৰু অসম বিধানসভাত ‘লাভ জেহাদ’ বন্ধ কৰিবলৈ বিধেয়ক গৃহীত হৈছে। যোগী আদিত্যনাথ চৰকাৰে নতুন বিধেয়কখনত যাৱজ্জীৱন কাৰাদণ্ড আৰু পাঁচ লাখ টকা পৰ্যন্ত জৰিমনা বিহাৰ প্ৰস্তাৱ আগবঢ়াইছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো একে পথেৰেই আগবাঢ়িছে। যোৱা বছৰ ‘লাভ জেহাদ’ৰ বিৰুদ্ধে আইন প্ৰণয়নৰ কথা ঘোষণা কৰিছিল। অসম চৰকাৰে দোষীক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ দিশে অগ্ৰসৰ হ’ব বিচাৰে। এইবাৰ মহাৰাষ্ট্ৰতো আৰম্ভ হৈছে কঠোৰ ব্যৱস্থাৰ চিন্তা। ইতিমধ্যে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা ৰাজ্যসমূহৰ পৰামৰ্শ আৰু আইনী বিধানসমূহো পুনৰীক্ষণ কৰিব মহাৰাষ্ট্ৰৰ সাতজনীয়া সমিতিখনে।