ASSAM TIMES POST
স্পৰ্টছ ডেস্ক
শৃংখলাত বৰ্তী থকাৰ বাবে আপ্ৰাণ চেষ্টা কৰা নিউজীলেণ্ডে উত্তেজনাপূৰ্ণ তৃতীয় টি-২০ত হেমিল্টনত নির্ধাৰিত কুৰি অ’ভাৰত মেচ টাই কৰিবলৈ সক্ষম হয়। ভাৰতৰ পাঁচ উইকেটত ১৭৯ ৰাণৰ প্ৰত্যুত্তৰত নিৰ্ধাৰিত অ’ভাৰত নিউজীলেণ্ডে ছয় উইকেটত কৰে ১৭৯ ৰাণ। যাৰ ফলত মেচ যায় ছুপাৰ অ’ভাৰলৈ। ছুপাৰ অ’ভাৰৰ শেষৰ দুটা বলত ছয় কোবাই নাটকীয়ভাৱে ভাৰতক জয়ী কৰায় ৰোহিত শর্মাই। ইয়াৰ লগে লগে পাঁচখনীয়া মেচৰ টি-২০ শৃংখলাত ৩-০ অগ্ৰগতিৰে শৃংখলা দখল কৰে ভাৰতে।
উল্লেখ্য যে নিৰ্ধাৰিত অ’ভাৰৰ শেষৰ অ’ভাৰত নিউজীলেণ্ডক প্ৰয়োজন আছিল ৯ ৰানৰ। মহম্মদ চামীৰ শেষ চাৰিটা বলত প্ৰয়োজন আছিল মাত্র দুই ৰান। ক্রিজত ৯৫ ৰানত খেলি আছিল কিৱিৰ অধিনায়ক কেন উইলিয়ামছন। কিন্তু অ’ভাৰৰ তৃতীয় বলতেই পেভিলিয়নলৈ ওভতাই পঠায় উইলিয়ামছনক (৪৮ বলত ৯৫, ৮টা চাৰি, ৬টা ছয়)। পিছৰ বলত এটাও ৰান কৰিব নোৱাৰে। পঞ্চম বলত হ’ল বাই। স্ক’ৰ তেতিয়া সমান সমান। শেষ বলত কোবাবলৈ গৈ ব’ল্ড হয় ৰছ টেইলৰ (১০ বলত ১৭)। নাটকীয়ভাৱে টাই হয় মেচ।
আৰম্ভ হয় ছুপাৰ অ’ভাৰ। জশপ্রীত বুমৰাৰ ছয় বলত কেন উইলিয়ামছন আৰু মার্টিন গপ্টিলে সংগ্ৰহ কৰে ১৭ ৰান। ফলত শৃংখলা জিকাৰ বাবে ছয় বলত টীম ইণ্ডিয়াক প্ৰয়োজন হয় ১৮ ৰান। ৰোহিত শর্মাই প্রথম দুটা বলত কৰে তিনি ৰান। তৃতীয় বলত লোকেশ ৰাহুলে মাৰে চাৰি। পিছৰ বলটোত আহে এক ৰান। টিম ছাউডিৰ অ’ভাৰৰ শেষৰ দুটা বলত ৰোহিতে কৰিবলগা হয় ১০ ৰান। পঞ্চম বলত হিটমেনগৰাকীয়ে কোবায় বিশাল ছয়। শেষ বলতো তেওঁ কোবায় ছয়। ফলত একপ্ৰকাৰ আঁজুৰি আনে অবিশ্বাস্য জয়। ছুপাৰ অ’ভাৰত ২০ ৰান কৰি শৃংখলা দখল কৰে টীম ইণ্ডিয়াই।













