পলাতক হীৰা ব্যৱসায়ী (Fugitive diamantaire) মেহুল চকছি (Mehul Choksi)ৰ সম্পত্তি নিলামৰ নিৰ্দেশ (Auction order) মুম্বাই আদালতৰ (Mumbai Court)। মেহুলৰ ১৩টা সম্পত্তি নিলাম (13 properties auctioned)ৰ নিৰ্দেশ দিয়া হৈছে। তেওঁৰ কোম্পানী গীতাঞ্জলি জেমছ লিমিটেডৰ সম্পত্তি মুম্বাই আদালতে নিলাম কৰিব।
পিএনবি কেলেংকাৰীত অভিযুক্ত (Accused in PNB scam) আছিল মেহুল চকছি। ইয়াৰ পিছত তেওঁ দেশ এৰি পলায়ন কৰে। এই গোচৰ সন্দৰ্ভত আদালতে কয় যে তেওঁক ধন আত্মসাতৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছে। ফলত ভাৰতত থকা তেওঁৰ সকলো সম্পত্তি বিক্ৰী হ’ব। তাৰ পৰা লাভ কৰা সকলো ধন বেংকলৈ ঘূৰাই দিয়া হ’ব।
মেহুলৰ সম্পত্তিৰ ভিতৰত আছে মুম্বাইৰ ছান্টাক্ৰুজত ৭টা ফ্লেট, ভাৰত ডাইমণ্ডৰ এটা প্ৰতিষ্ঠান, গুজৰাটৰ চুৰাটত চাৰিটা হীৰা পাৰ্ক আৰু তাত এখন দোকান। এই সকলোবোৰ সম্পত্তি অতি সোনকালে বিক্ৰী কৰা হ’ব। ইডিয়ে সকলো সম্পত্তি বিক্ৰীৰ নিৰ্দেশৰ বাবে আদালতৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছে।

বৰ্তমান এই সকলো ধন আই চি আই চি আই বেংকত ফিক্সড ডিপ’জিট হিচাপে ৰখা হ’ব। তাৰ পিছত তাৰ পৰাই ইয়াৰ ভৱিষ্যতৰ বিষয়ে আলোচনা কৰা হ’ব। ২০১৮ চনৰ পৰা এই হীৰা ব্যৱসায়ীজনে ভাৰতৰ পৰা পলায়ন কৰি এন্টিগুৱাত বাস কৰি আছে। ইফালে তেওঁৰ অধিবক্তাই আদালতত কয় যে তেওঁ কেন্সাৰ ৰোগত আক্ৰান্ত। গতিকে এন্টিগুৱাৰ পৰা তেওঁ চিকিৎসাৰ বাবে বেলজিয়ামলৈ যায়। তেওঁৰ লগত আছে তেওঁৰ ভতিজাক আৰু পৰিয়ালৰ অন্যান্য সদস্য।
উল্লেখযোগ্য যে ২০১৮ চনত পিএনবি কেলেংকাৰিৰ সৈতে মেহুল চকছিৰ নাম জড়িত হৈ পৰিছিল। তেতিয়াৰ পৰাই তেওঁ ভাৰতৰ পৰা পলায়ন কৰে। ২০১৮ চনৰ জানুৱাৰী মাহত ভাৰত এৰি যোৱাৰ পিছত চকছি এন্টিগুৱা আৰু বাৰবুডাত বাস কৰা বুলি অনুমান কৰা হৈছে, যিটো কেলেংকাৰী পোহৰলৈ অহাৰ কিছু সময়ৰ পূৰ্বে আৰু কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰোৱে এফ আই আৰ ৰুজু কৰাৰ কিছু সময়ৰ পূৰ্বে। ইডিৰ তদন্তত প্ৰকাশ পাইছে যে মেহুল চকছিয়ে সহযোগী আৰু পিএনবিৰ বিষয়াৰ সৈতে ষড়যন্ত্ৰ কৰি ২০১৪ চনৰ পৰা ২০১৭ চনৰ ভিতৰত জালিয়াতিৰে লেটাৰ অৱ আণ্ডাৰটেকিং আৰু বিদেশী লেটাৰ অৱ ক্ৰেডিট লাভ কৰিছিল। পিছত ডিফল্ট হোৱাৰ ফলত চৰকাৰী বেংকটোৰ ৬,০৯৭.৬৩ কোটি টকা লোকচান হয়। ইয়াৰ উপৰি অভিযোগ উত্থাপন হৈছে যে মেহুল চকছিয়ে আই চি আই চি আই বেংকৰ পৰা ঋণ পৰিশোধ নকৰাৰ অভিযোগ উত্থাপন হৈছে।
২০১৮ চনত চি বি আইৰ গোচৰ ৰুজু হোৱাৰ পিছত ইডিয়ে এই আৰ্থিক জালিয়াতিৰ তদন্ত আৰম্ভ কৰে। তেওঁলোকৰ তদন্তৰ ফলত দেশৰ ১৩৬টা স্থানত তালাচীৰ জৰিয়তে মেহুল চকছি গীতাঞ্জলি গ্রুপৰ কোম্পানীসমূহৰ পৰা ৫৯৭.৭৫ কোটি টকাৰ মূল্যৱান সামগ্ৰী আৰু গহনা জব্দ কৰা হয়।