ASSAM TIMES POST
বিশেষ প্ৰতিবেদক
অহা ৩০ জানুৱাৰীৰ পৰা অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম শুৱালকুছি অধিবেশন। এই অধিবেশনলৈ মাজত এতিয়া মাথোঁ এটা দিন৷ কিন্তু অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ অধিবেশনক লৈ সৰ্বসাধাৰণ ৰাইজৰ মাজত যেনেধৰণৰ উৎসাহ-উদ্দীপনা দেখিব লাগিছিল, সেয়া কিন্তু পৰিলক্ষিত হোৱা নাই বস্ত্ৰ নগৰী শুৱালকুছিৰ অধিবেশনত৷ ইয়াৰ বিপৰীতে অভিযোগ উঠিছে, সৰ্বসাধাৰণ ৰাইজক আদৰণী সমিতিয়ে প্ৰত্যক্ষভাৱে জড়িত নকৰোৱাৰ তথা সু-পৰিকল্পনা গ্ৰহণ নকৰাৰ৷

আনহাতে, অধিবেশনৰ প্ৰস্তুতিৰ বাবে ৰাজ্য চৰকাৰৰ গড়কাপ্তানি বিভাগ, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগ, অসম শক্তি বিভাগ, আভ্যন্তৰীণ জল পৰিবহণ বিভাগ তথা সংশ্লিষ্ট বিভাগসমূহে দিনে-নিশাই ব্যস্ত হৈ পৰিছে৷ অধিবেশনলৈ মাজত মাথোঁ এটা দিন থকাত বিষয়া-কৰ্মচাৰী, বনুৱা-ঠিকাদাৰৰ গাত তৰণি নোহোৱা হৈছে৷ ৰাস্তা-ঘাট, নলা-নৰ্দমা, নিৰ্মাণ, পানী যোগান, প্ৰতিনিধি থাকিবলগা শিক্ষানুষ্ঠানত শৌচালয়ৰ ব্যৱস্থা, বিদুৎ পৰিবাহী তাঁৰ সংযুক্ত কৰা, পদপথত ষ্ট্ৰীট লাইট আদিৰ উপৰি বস্ত্ৰ নগৰীৰ প্ৰায়ভাগ বাট-পথ সংশ্লিষ্ট বিভাগসমূহে মেৰামতিৰ কাম তীব্ৰ গতিত চলাই নিছে৷ এতিয়ালৈকে অধিবেশনৰ কাম-কাজ প্ৰায় ৮০ শতাংশ সম্পূৰ্ণ হৈছে যদিও এটা দিনত কাম সম্পূৰ্ণ হ’ব নে নাই তাক লৈ শংকা ব্যক্ত কৰিছে বিভিন্নজনে।

তাত্পৰ্যপূৰ্ণভাৱে, আদৰণী সমিতিৰ সভাপতি হিমন্ত বিশ্ব শৰ্মাই অধিবেশনস্থলীত উপস্থিত হৈ অগ্ৰগতিৰ বুজ লোৱা নাই৷ ইফালে, অধিবেশনস্থলীত সংবাদ কৰ্মীসকলৰ বাবে কোনো ধৰণৰ সুব্যৱস্থা নথকাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় সাংবাদিকসকলে। সু-পৰিকল্পনাৰ অভাৱতেই অসম সাহিত্য সভাৰ শুৱালকুছি অধিবেশনৰ প্ৰস্তুতিৰ কাম এতিয়াও শৃংখলাবদ্ধ হোৱা নাই বুলি অভিযোগ উঠিছে৷
উল্লেখ্য যে ১৯৭৯ চনত শুৱালকুছিত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিবেশনৰ প্ৰায়বোৰ কাম অভ্যৰ্থনা সমিতিৰ অধীনত উপ-সমিতিসমূহে সম্পন্ন কৰিছিল৷ ৰাইজৰ সঁহাৰি আৰু অংশগ্ৰহণো আছিল স্বতঃস্ফূৰ্ত৷ ইয়াৰ বিপৰীতে এইবাৰৰ অধিবেশনত কেৱল চৰকাৰী বিভাগসমূহৰ বাহিৰে ৰাইজক নিষ্ক্ৰিয় ৰূপত দেখিবলৈ পোৱা গৈছে৷













