ASSAM TIMES POST
নিউজ ডেস্ক
বিশিষ্ট শিক্ষাবিদ, লেখক তথা বুদ্ধিজীৱী শশী শৰ্মাৰ বিয়োগত ৰাজ্যৰ বৌদ্ধিক সমাজত শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে ছোভিয়েট দেশ নেহৰু বঁটা প্ৰাপক, ৮০খনৰো অধিক গ্ৰন্থৰ প্ৰণেতা বিশিষ্ট শিক্ষাবিদগৰাকীৰ মঙলবাৰে নিশা নলবাৰীৰ ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে।
নলবাৰী জিলাৰ জাপাৰকুছি নিবাসী শৰ্মাৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৮ বছৰ। লেনিন, ৰুছ বিপ্লৱ আৰু ভাৰত (১৯৭১), সাহিত্যত বিৱৰ্তন (১৯৮৪), অসমৰ লোক-সাহিত্য (১৯৯৩) আদি হ’ল প্ৰয়াত শৰ্মাৰ উল্লেখযোগ্য গ্ৰন্থ।













