কাৰবি আংলং আৰু পশ্চিম কাৰবি আংলঙৰ পিজিআৰ-ভিজিআৰ ভূমিত অবৈধ বাবে বসবাস কৰি থকা সকলক উচ্ছেদ কৰা আৰু সংৰক্ষিত অঞ্চলত বসবাস কৰা অখিলঞ্জীয়া লোকক উচ্ছেদৰ দাবীত আজি অৱস্থান ধৰ্ণা প্ৰদৰ্শন কৰে এএছডিচি, এপিএইছএলচি জেমছ গোটকে ধৰি বিভিন্ন দল-সংগঠনে ৷ ডিফুৰ স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ৰ কাষত প্ৰদৰ্শন কৰা এই কাৰ্যসুচীৰ জৰিয়তে দুয়োখন জিলাত অবৈধ ৰূপে বসবাস কৰি থকা অখিলঞ্জীয়ী লোকক উচ্ছেদ কৰাৰ লগতে বহিষ্কাৰৰ দাবী জনায় ৷

পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহ সদস্য জৎছন বে’য়ে সংবাদ মাধ্যমৰ আগত কয়যে, দুয়োখন জিলা ষষ্ঠ অনুসূচী ভূক্ত জিলা আৰু জনজাতীয় লোকৰ বাবে সংৰক্ষিত এলেকা ৷ সেয়ে ইয়াত বসতি কৰিবলৈ হলে পৰিষদৰ অনুমতিৰ প্ৰয়োজন ৷ কিন্তু অনুমতি অবিহনে বিহাৰ, বাংলাদেশৰ পৰা আহি আমাৰ সংৰক্ষিত ভূমি বেদখল কৰিছে ৷ সংৰক্ষিত ভূমি সমূহ কাৰবি তথা জন গোষ্ঠীয় লোকে বেদখল কৰা নাই, বহিৰাগত লোকেহে দখল কৰিছে ৷ সেয়ে আমি উচ্ছেদৰ দাবী জনাইছো ৷
পৰিষদে নিজৰ হাতত থকা ক্ষমতা অনুযায়ী উচ্ছেদ কৰিব লাগে ৷ খিলঞ্জীয়া জনজাতীয় লোকৰ বিৰুদ্ধে চৰকাৰে অভিযান চলায় কিন্তু বাহিৰৰ পৰা অহা লোকৰ বিৰুদ্ধে অভিযান নচলায়, এয়া কেনে নীতি বুলিও বেয়ে প্ৰশ্ন উত্থৈপন কৰে ৷ আনহাতে এপিএইছএলচি দলৰ নেতা জেমচ হাঞ্চেয়ে পিজিআৰ-ভিজিআৰ ভূমিত উচ্ছেদ, স্বায়ত্তশাসিত ৰাজ্যৰ দাবী আদি বিষয়ত আমি আটাইকেইটা দলে একেলগে কাম কৰাৰ এজেণ্ডা লোৱা বুলি প্ৰকাশ কৰি এই দাবী সমূহ কাৰ্যকৰী কৰণৰ বাবে মুখ্য কাৰ্যবাহী সদস্যক স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে ৷