ASSAM TIMES POST
নিউজ ডেস্ক
অৱশেষত গ্রেপ্তাৰ হ’ল শ্বাহিন বাগ প্রতিবাদৰ অন্যতম প্রধান উদ্যোক্তা তথা জেএনইউৰ প্রাক্তন ছাত্ৰ শ্বাৰ্জিল ইমাম। মঙলবাৰে বিহাৰৰ জাহানাবাদৰ পৰা তেওঁক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে। খুব শীঘ্রে দিল্লীলৈ আনি তেওঁক সোধা-পোছা কৰা হ’ব বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে চিএএ-বিৰোধী বিক্ষোভৰ সময়ত বিচ্ছিন্নতাবাদী আৰু সাম্প্রদায়িক মন্তব্য কৰাৰ অভিযোগত শ্বৰ্জিলৰ বিৰুদ্ধে দেশৰ পাঁচ ৰাজ্যত দেশদ্রোহসহ একাধিক গোচৰ ৰুজু হৈছে। বিগত কিছু দিন ধৰি তেওঁক বিচাৰি ফুৰিছিল দিল্লী আৰক্ষীৰ অপৰাধ দমন শাখাৰ পাঁচটা দল। মুম্বাই, দিল্লীৰ উপৰি বিহাৰৰ জাহানাবাদত তেওঁৰ পিতৃগৃহতো তালাচী চলাইছিল আৰক্ষী বিষয়াসকলে। জেৰাৰ বাবে আটক কৰি আনে তেওঁৰ কনিষ্ঠ ভাতৃকো। তাৰ পিছতে আজি আৰক্ষীয়ে সন্ধান পায় শ্বাৰ্জিলৰ।
দিল্লী আৰক্ষীৰ অভিযোগ মতে, সংশোধিত নাগৰিকত্ব আইন (চিএএ)ক লৈ প্রতিবাদৰ সময়ত দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া আৰু উত্তৰ প্রদেশৰ আলিগড় মুছলিম ইউনিভাৰ্ছিটীত বিভাজনমূলক মন্তব্য কৰিছিল শ্বাৰ্জিলে।
ছ’চিয়েল মিডিয়াৰ জৰিয়তে বিয়পি পৰা এটি ভিডিঅ’ক লৈ সম্প্রতি বিতর্কত জড়িত হৈ পৰে শ্বাৰ্জিল। এই ভিডিঅ’টোত তেওঁ কোৱা শুনা গৈছিল, “অসমক ভাৰতৰ পৰা পৃথক কৰি দিয়া হ’ব। এটি সৰু অংশৰ জৰিয়তে উত্তৰ-পূব ভাৰত এই দেশৰ মূল ভূখণ্ডৰ সৈতে জড়িত হৈ আছে। …মুছলিম ঘাটি গঢ়ি বহিব পাৰিলেই, উত্তৰ-পূবক ভাৰতৰ পৰা বিচ্ছিন্ন কৰি দিয়া সম্ভৱ হ’ব। আৰু সেইটো হ’লেই হুঁচ আহিব নৰেন্দ্র মোডী চৰকাৰৰ।’’ শ্বাৰ্জিলৰ এই মন্তব্যৰ পৰাই ইতিমধ্যে দূৰত্ব বজাই চলিছে ছাত্র সংগঠন আইছা আৰু শ্বাহিন বাগৰ আন্দোলনকাৰীসকল।













